ছূৰা 22 · জুজ 17
Al-Hajj · 22:38
۞ إِنَّ اللَّهَ يُدَافِعُ عَنِ الَّذِينَ آمَنُوا ۗ إِنَّ اللَّهَ لَا يُحِبُّ كُلَّ خَوَّانٍ كَفُورٍ
নিশ্চয় আল্লাহে মুমিনসকলক প্ৰতিৰক্ষা দি থাকে, তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে।
তাফছীৰ
নিশ্চয় আল্লাহে মুমিনসকলক তেওঁলোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰে। নিশ্চয় আল্লাহে বিশ্বাসঘাতকতা কৰা ব্যক্তিক পছন্দ নকৰে। যিসকলে আল্লাহৰ নিয়ামত অস্বীকাৰ কৰে তথা সেই নিয়ামতৰ বাবে আল্লাহৰ কৃতজ্ঞতা নকৰি বিদ্বেষভাৱ পোষণ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক