ছূৰা 22 · জুজ 17
Al-Hajj · 22:26
وَإِذْ بَوَّأْنَا لِإِبْرَاهِيمَ مَكَانَ الْبَيْتِ أَنْ لَا تُشْرِكْ بِي شَيْئًا وَطَهِّرْ بَيْتِيَ لِلطَّائِفِينَ وَالْقَائِمِينَ وَالرُّكَّعِ السُّجُودِ
আৰু স্মৰণ কৰা, যেতিয়া আমি ইব্ৰাহীমক ঘৰৰ (বাইতুল্লাহৰ) স্থান নিৰ্ধাৰণ কৰি দিছিলো, তেতিয়া কৈছিলো, ‘মোৰ লগত আন কাকো অংশী নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, ছালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু-ছাজদাকাৰী সকলৰ বাবে পৱিত্ৰ কৰি ৰাখিবা।
তাফছীৰ
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া আমি ইব্ৰাহীমক কাবাৰ স্থান আৰু তাৰ সীমা সম্পৰ্কে অৱগত কৰিছিলোঁ। কিয়নো ইয়াৰ পূৰ্বৰ চিহ্ন নাইকীয়া হৈ গৈছিল। আমি তেওঁৰ প্ৰতি অহী কৰি কৈছিলোঁ, মোৰ ইবাদতৰ ক্ষেত্ৰত আপুনি কাকো অংশীদাৰ স্থাপন নকৰিব। বৰং কেৱল মোৰেই ইবাদত কৰিব, আৰু তাৱাফকাৰীসকলৰ বাবে আৰু চালাত আদায়কাৰীসকলৰ বাবে মোৰ ঘৰখনক দৃশ্যাৱলী আৱৰ্জনা আৰু অদৃশ্য মলিনতাৰ পৰা পৰিস্কাৰ-পৰিচ্ছন্ন তথা পৱিত্ৰ কৰি ৰাখিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক