ছূৰা 22 · জুজ 17
Al-Hajj · 22:42
وَإِنْ يُكَذِّبُوكَ فَقَدْ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَثَمُودُ
আৰু সিহঁতে যদি তোমাক অস্বীকাৰ কৰে, তেন্তে (এয়া কোনো নতুন কথা নহয়) সিহঁতৰ পূৰ্বেও নূহ, আদ আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল,
তাফছীৰ
হে ৰাছুল! যদি আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰে তেন্তে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কাৰণ ৰাছুলসকলক অস্বীকাৰ কৰাৰ ক্ষেত্ৰত আপুনিয়ে প্ৰথম নহয়। কিয়নো আপোনাৰ পূৰ্বে নূহৰ সম্প্ৰদায়ে নূহ আলাইহিচ্ছালামক, আদ সম্প্ৰদায়ে হূদ আলাইহিচ্ছালামক আৰু ছামূদ সম্প্ৰদায়ে চলেহ আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক