ছূৰা 22 · জুজ 17

Al-Hajj · 22:41

الَّذِينَ إِنْ مَكَّنَّاهُمْ فِي الْأَرْضِ أَقَامُوا الصَّلَاةَ وَآتَوُا الزَّكَاةَ وَأَمَرُوا بِالْمَعْرُوفِ وَنَهَوْا عَنِ الْمُنْكَرِ ۗ وَلِلَّهِ عَاقِبَةُ الْأُمُورِ

এওঁলোকেই হৈছে সেইসকল লোক যিসকলক আমি পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে ছালাত কায়েম কৰিব, যাকাত প্ৰদান কৰিব আৰু সৎকমৰ নিৰ্দেশ দিব লগতে অসৎকৰ্ম নিষেধ কৰিব; আৰু সকলো কৰ্মৰ চূড়ান্ত পৰিণতি আল্লাহৰ ইখতিয়াৰত।

তাফছীৰ

যিসকল লোকক সহায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যদি আমি তেওঁলোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি পৃথিৱীত আধিপত্য প্ৰদান কৰোঁ, তেন্তে তেওঁলোকে নিয়মিতভাৱে পৰিপূৰ্ণৰূপে চালাত আদায় কৰিব, আৰু নিজৰ সম্পত্তিৰ যাকাত আদায় কৰিব, চৰীয়তে আদেশ দিয়া কৰ্মৰ প্ৰতি আনকো আহ্বান কৰিব, আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত ৰাখিব। জানি থোৱা! ছোৱাব তথা শাস্তি সম্পৰ্কীয় সকলো বিষয় একমাত্ৰ আল্লাহৰ ফালেই প্ৰত্যাৱৰ্তন কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক