ছূৰা 22 · জুজ 17
Al-Hajj · 22:78
وَجَاهِدُوا فِي اللَّهِ حَقَّ جِهَادِهِ ۚ هُوَ اجْتَبَاكُمْ وَمَا جَعَلَ عَلَيْكُمْ فِي الدِّينِ مِنْ حَرَجٍ ۚ مِلَّةَ أَبِيكُمْ إِبْرَاهِيمَ ۚ هُوَ سَمَّاكُمُ الْمُسْلِمِينَ مِنْ قَبْلُ وَفِي هَٰذَا لِيَكُونَ الرَّسُولُ شَهِيدًا عَلَيْكُمْ وَتَكُونُوا شُهَدَاءَ عَلَى النَّاسِ ۚ فَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَاعْتَصِمُوا بِاللَّهِ هُوَ مَوْلَاكُمْ ۖ فَنِعْمَ الْمَوْلَىٰ وَنِعْمَ النَّصِيرُ
আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতৃ ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ বুলি আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানুহৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!
তাফছীৰ
আল্লাহৰ পথত নিৰ্ভেজালভাৱে তেওঁৰ সন্তুষ্টি লাভৰ বাবে যুদ্ধ কৰা, তেওঁ তোমালোকক নিৰ্বাচিত কৰিছে, লগতে তোমালোকৰ ধৰ্মক উদাৰ বনাইছে, য’ত কোনো ধৰণৰ কঠোৰতা আৰু সংকীৰ্ণতা নাই। এই উদাৰ ধৰ্মটোৱে তোমালোকৰ পিতা ইব্ৰাহীম আলাইহিচ্ছালামৰ ধৰ্ম আছিল। আল্লাহেই তোমালোকৰ নাম পূৰ্বৱৰ্তী গ্ৰন্থসমূহত আৰু কোৰআনতো মুছলিম বুলি উল্লেখ কৰিছে। যাতে ৰাছুলে তোমালোকৰ বাবে সাক্ষী দিয়ে যে, তেওঁ তোমালোকক সেই সকলো বাৰ্তা পৌঁচাই দিছে, যিবোৰ পৌঁচাবলৈ তেওঁক দায়িত্ব দিয়া হৈছিল। আনহাতে তোমালোকেও যাতে সাক্ষী দিব পাৰা যে, তোমালোকৰ পূৰ্বে অহা ৰাছুলসকলে নিজ নিজ দায়িত্ব পালন কৰিছে। এতেকে ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰি পৰিপূৰ্ণৰূপে নিয়মিতভাৱে চালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা, আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা, লগতে নিজৰ সকলো কৰ্মত আল্লাহৰ প্ৰতি ভৰসা কৰা। নিশ্চয় আল্লাহ তেওঁৰ ওচৰত আশ্ৰয় লোৱা মুমিনসকলৰ উত্তম সংৰক্ষক, তথা সহায় প্ৰাৰ্থনাকাৰীৰ বাবে উত্তম সহায়ক। এতেকে তেওঁৰ আশ্ৰয় লোৱা, তেওঁ সুৰক্ষা প্ৰদান কৰিব, লগতে তেওঁৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, তেওঁ তোমালোকক সহায় কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক