ছূৰা 22 · জুজ 17

Al-Hajj · 22:77

يَا أَيُّهَا الَّذِينَ آمَنُوا ارْكَعُوا وَاسْجُدُوا وَاعْبُدُوا رَبَّكُمْ وَافْعَلُوا الْخَيْرَ لَعَلَّكُمْ تُفْلِحُونَ ۩

হে মুমিনসকল! তোমালোকে ৰুকু কৰা, ছাজদাহ কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা লগতে সৎকৰ্ম কৰা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী লোকসকল! তোমালোকে চালাতত ৰুকু ছাজদাহ কেৱল আল্লাহৰ বাবেই কৰিবা। তথা কল্যাণমূলক কাম কৰিবা, যেনে- দান খয়ৰাত আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা আদি। যাতে তোমালোকে উদ্দেশ্যত সফল হ’ব পাৰা, লগতে ভয়-ভীতিৰ পৰা মুক্তি পোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক