ছূৰা 22 · জুজ 17
Al-Hajj · 22:76
يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ ۗ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ
তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ’ব।
তাফছীৰ
তেওঁ ৰাছুলসকলৰ সৃষ্টিৰ পূৰ্বৰ অৱস্থা আৰু মৃত্যুৰ পিছৰ অৱস্থা সম্পৰ্কে অৱগত, ফিৰিস্তাই হওক অথবা মানৱ। কিয়ামতৰ দিনা তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰিব, যেতিয়া তেওঁ বান্দাসকলক পুনৰ্জীৱিত কৰিব। তেতিয়া তেওঁ বান্দাসকলক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক