ছূৰা 22 · জুজ 17

Al-Hajj · 22:67

لِكُلِّ أُمَّةٍ جَعَلْنَا مَنْسَكًا هُمْ نَاسِكُوهُ ۖ فَلَا يُنَازِعُنَّكَ فِي الْأَمْرِ ۚ وَادْعُ إِلَىٰ رَبِّكَ ۖ إِنَّكَ لَعَلَىٰ هُدًى مُسْتَقِيمٍ

আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰি দিছো যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।

তাফছীৰ

প্ৰত্যেক উম্মতকে আমি এটা চৰীয়ত প্ৰদান কৰিছিলোঁ, সিহঁতে নিজ নিজ চৰীয়ত মুতাবিক আমল কৰিছিল। গতিকে হে ৰাছুল! মুশ্বৰিকসকলে আৰু অন্যান্য ধৰ্মাৱলম্বী লোকসকলে আপোনাৰ চৰীয়তকলৈ বাদানুবাদ কৰা উচিত নহয়। কিয়নো আপুনি সিহঁতৰ তুলনাত সত্যৰ অধিক নিকটৱৰ্তী, কাৰণ সিহঁত হৈছে বাতিল পন্থী। আপুনি মানুহক নিৰ্ভেজাল তাওহীদৰ পিনে আহ্বান কৰক। নিশ্চয় আপুনি সঠিক পথত পৰিচালিত, য’ত কোনো ধৰণৰ বক্ৰতা নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক