ছূৰা 22 · জুজ 17
Al-Hajj · 22:66
وَهُوَ الَّذِي أَحْيَاكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ۗ إِنَّ الْإِنْسَانَ لَكَفُورٌ
তেৱেঁই তোমালোকক জীৱিত কৰিছে আৰু তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেৱেঁই পুনৰ তোমালোকক জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ।
তাফছীৰ
আল্লাহেই তোমালোকক অনস্তিত্বৰ পৰা অস্তিত্বলৈ আনিছে। ইয়াৰ পিছত আকৌ যেতিয়া তোমালোকৰ আয়ু সমাপ্ত হ'ব, তেতিয়া তোমালোকক মৃত্যু প্ৰদান কৰিব। মৃত্যুৰ পিছত আমলৰ হিচাপ-নিকাচ আৰু প্ৰতিদান দিয়াৰ বাবে তোমালোকক পুনৰ্জীৱিত কৰিব। নিশ্চয় মানুহে আল্লাহৰ নিয়ামতৰ অধিক অকৃতজ্ঞতা কৰে, যদিও তেওঁৰ নিয়ামত প্ৰকাশ্য। লগতে তেওঁৰ ইবাদতত আনক অংশীদাৰ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক