ছূৰা 22 · জুজ 17

Al-Hajj · 22:54

وَلِيَعْلَمَ الَّذِينَ أُوتُوا الْعِلْمَ أَنَّهُ الْحَقُّ مِنْ رَبِّكَ فَيُؤْمِنُوا بِهِ فَتُخْبِتَ لَهُ قُلُوبُهُمْ ۗ وَإِنَّ اللَّهَ لَهَادِ الَّذِينَ آمَنُوا إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ

আৰু এইটো এই বাবেও যে, যিসকলক জ্ঞান দিয়া হৈছে সিহঁতে যেন জানিব পাৰে যে, এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; ফলত সিহঁতে ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু সিহঁতৰ অন্তৰ ইয়াৰ প্ৰতি বিনয়াৱনত হয়। নিশ্চয় যিসকলে ঈমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।

তাফছীৰ

যিসকল লোকক আল্লাহে জ্ঞান দান কৰিছে, তেওঁলোকে যাতে পতিয়ন যাব পাৰে যে, এই কোৰআন, যিখন মুহাম্মদৰ ওপৰত অৱতীৰ্ণ হৈছে সেইখনেই সত্য; হে ৰাছুল! যিখনক আল্লাহে আপোনাৰ প্ৰতি অহী কৰিছে। ইয়াৰ ফলত যাতে তেওঁলোকৰ অন্তৰ আৰু মজবুত হয়। তথা ইয়াৰ প্ৰতি তেওঁলোকৰ অন্তৰ যাতে কোমল হয় আৰু নত স্বীকাৰ কৰে। নিশ্চয় আল্লাহে সেইসকল লোকক তেওঁৰ প্ৰতি ঈমান আনিবলৈ হিদায়ত দিয়ে আৰু সত্যৰ সুপথ দেখুৱায়, যিপথত কোনো ধৰণৰ বক্ৰতা নাই। এই প্ৰতিদান দিয়াৰ কাৰণ হৈছে, তেওঁলোকে তেওঁৰ প্ৰতি নত স্বীকাৰ কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক