ছূৰা 22 · জুজ 17

Al-Hajj · 22:55

وَلَا يَزَالُ الَّذِينَ كَفَرُوا فِي مِرْيَةٍ مِنْهُ حَتَّىٰ تَأْتِيَهُمُ السَّاعَةُ بَغْتَةً أَوْ يَأْتِيَهُمْ عَذَابُ يَوْمٍ عَقِيمٍ

আৰু যিসকলে কুফৰী কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়েই থাকিব, সিহঁতৰ ওচৰত আকস্মিকভাৱে কিয়ামত নহা লৈকে অথবা সিহঁতৰ ওচৰত এটা বন্ধা দিনৰ শাস্তি নহা লৈকে।

তাফছীৰ

আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন সম্পৰ্কে সদায় সন্দেহত পতিত হৈ থাকিব। এই সন্দেহত থকা অৱস্থাতেই হঠাৎ কিয়ামত আহি পৰিব, নাইবা এনেকুৱা কোনো শাস্তি আহি পৰিব, যিদিনা সিহঁতৰ বাবে কোনো দয়া নাথাকিব আৰু কল্যাণো নাথাকিব। সেইটোৱে হ’ব সিহঁতৰ বাবে কিয়ামতৰ দিন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক