ছূৰা 22 · জুজ 17
Al-Hajj · 22:56
الْمُلْكُ يَوْمَئِذٍ لِلَّهِ يَحْكُمُ بَيْنَهُمْ ۚ فَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فِي جَنَّاتِ النَّعِيمِ
সেইদিনা কেৱল আল্লাহৰেই আধিপত্য; তেৱেঁই সিহঁতৰ মাজত বিচাৰ কৰিব। তাৰ পিছত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব।
তাফছীৰ
কিয়ামতৰ দিনা যেতিয়া সিহঁতৰ লগত কৰা প্ৰতিশ্ৰুত শাস্তি আহি পৰিব, তেতিয়া এইক্ষেত্ৰত সিহঁতৰ কোনো সহায়ক নাথাকিব, সেইদিনা কৰ্তৃত্ব একমাত্ৰ আল্লাহৰ হাতত থাকিব। তেৱেঁই মুমিন আৰু কাফিৰসকলৰ মাজত মীমাংসা কৰিব। সকলোৰে পক্ষে উপযুক্ত ন্যায় বিচাৰ কৰিব। এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। অৰ্থাৎ তেওঁলোকৰ বাবে এনেকুৱা জান্নাতৰ উপহাৰ থাকিব, যিবোৰ কেতিয়াও শেষ নহ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক