ছূৰা 22 · জুজ 17
Al-Hajj · 22:52
وَمَا أَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رَسُولٍ وَلَا نَبِيٍّ إِلَّا إِذَا تَمَنَّىٰ أَلْقَى الشَّيْطَانُ فِي أُمْنِيَّتِهِ فَيَنْسَخُ اللَّهُ مَا يُلْقِي الشَّيْطَانُ ثُمَّ يُحْكِمُ اللَّهُ آيَاتِهِ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছো, তেওঁলোকৰ কোনোবাই যেতিয়া (অহী বাণী) তিলাৱত কৰিছে, তেতিয়াই চয়তানে তেওঁলোকৰ তিলাৱতত (কিবা) নিক্ষেপ কৰিছে, কিন্তু চয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
তাফছীৰ
হে ৰাছুল! আমি আপোনাৰ পূৰ্বেও ৰাছুল অথবা নবী প্ৰেৰণ কৰিছিলোঁ, যেতিয়া তেওঁলোকে আল্লাহৰ কিতাব পাঠ কৰিছিল, তেতিয়া চয়তানে তেওঁলোকৰ পাঠৰ মাজত এনেকুৱা বস্তু মিহলাই দিছিল, যিটোক মানুহে সন্দেহৰ বশৱৰ্তী হৈ আল্লাহৰ অহী বুলি ধাৰণা কৰিছিল। তেতিয়া আল্লাহে চয়তানৰ মিশ্ৰিত বাক্যক বাতিল কৰিছিল আৰু তেওঁৰ আয়াতসমূহক সত্য সাব্যস্ত কৰিছিল। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত মহাজ্ঞানী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক