ছূৰা 22 · জুজ 17
Al-Hajj · 22:51
وَالَّذِينَ سَعَوْا فِي آيَاتِنَا مُعَاجِزِينَ أُولَٰئِكَ أَصْحَابُ الْجَحِيمِ
আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰা চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।
তাফছীৰ
যিসকল লোকে আমাৰ আয়াতসমূহক মিছা প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিছিল, এইবুলি ভাৱি যে, সিহঁতে আল্লাহক বিৱশ কৰিব আৰু তেওঁৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ব, ফলত তেওঁ সিহঁতক শাস্তি দিব নোৱাৰিব। সেইসকল লোকেই হৈছে জাহান্নামী। সিহঁত এইদৰে শাস্তিৰ লগত নিৰবিচ্ছিন্ন হৈ থাকিব, যিদৰে সঙ্গীয়ে সঙ্গীৰ লগত লগ লাগি থাকে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক