ছূৰা 22 · জুজ 17

Al-Hajj · 22:45

فَكَأَيِّنْ مِنْ قَرْيَةٍ أَهْلَكْنَاهَا وَهِيَ ظَالِمَةٌ فَهِيَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا وَبِئْرٍ مُعَطَّلَةٍ وَقَصْرٍ مَشِيدٍ

আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছো যিবোৰৰ অধিবাসীবিলাক আছিল যালিম। ফলত এইবোৰ জনপদে সিহঁতৰ ঘৰৰ চাদৰ সৈতে ধ্বংসস্তূপত পৰিণত হৈছে। এইদৰে কিমান যে কুঁৱা পৰিত্যক্ত হৈছে আৰু কিমান যে সুদৃঢ় প্ৰসাদ ধ্বংস হৈছে!

তাফছীৰ

বহুতো জনবসতিক আমি আমাৰ শাস্তিৰ দ্বাৰা ধ্বংস কৰিছোঁ, সিহঁতে কুফৰী কৰি অন্যায় কৰিছিল। সিহঁতৰ ঘৰ-দুৱাৰ বিধ্বস্ত আৰু জনশূন্য হৈ পৰি আছে। বহুতো কুঁৱা এতিয়া এনেই পৰি আছে, যিবোৰৰ পৰা পানী সংগ্ৰহকাৰী ব্যক্তিসকল ধ্বংস হৈছে। বহুতো আটক ধুনীয়া ওখ ওখ অট্টালিকা আছে, যিবোৰৰ অধিবাসীসকলক সিহঁতৰ অট্টালিকাই শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক