ছূৰা 22 · জুজ 17
Al-Hajj · 22:44
وَأَصْحَابُ مَدْيَنَ ۖ وَكُذِّبَ مُوسَىٰ فَأَمْلَيْتُ لِلْكَافِرِينَ ثُمَّ أَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ نَكِيرِ
আৰু মাদাইনৰ অধিবাসীবিলাকেও। এইদৰে অস্বীকাৰ কৰা হৈছিল মুছাকো। এতেকে কাফিৰসকলক মই অৱকাশ দিছিলো, তাৰ পিছতহে আমি সিহঁতক ধৰিছিলো। এতেকে (প্ৰত্যক্ষ কৰা) মোৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল!
তাফছীৰ
মাদিয়ানৰ অধিবাসীসকলে শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, ইপিনে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে মূছা আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল। এতেকে ময়ো সিহঁতক অৱকাশ প্ৰদান কৰি সিহঁতৰ শাস্তিক পিছুৱাই দিছিলোঁ। তাৰ পিছত শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল। এতেকে ভাৱি চাওক, সিহঁতৰ প্ৰতি মোৰ কৰায়ত্ত কেনেকুৱা আছিল? সিহঁতৰ কুফৰীৰ কাৰণে মই সিহঁতক ধ্বংস কৰিছিলোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক