ছূৰা 22 · জুজ 17
Al-Hajj · 22:63
أَلَمْ تَرَ أَنَّ اللَّهَ أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَتُصْبِحُ الْأَرْضُ مُخْضَرَّةً ۗ إِنَّ اللَّهَ لَطِيفٌ خَبِيرٌ
তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে? যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে? নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সম্যক অৱহিত।
তাফছীৰ
হে ৰাছুল! আপুনি দেখা নাইনে- নিশ্চয় আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, সেই পানী বৰ্ষণৰ পিছত পৃথিৱীত গজালি মেলা উদ্ভিদবোৰ সেউজীয়া হৈ পৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু, সেইকাৰণেই তেওঁ সিহঁতৰ ওপৰত পানী বৰ্ষণ কৰে, আৰু পৃথিৱীক সেউজীয়া কৰি তোলে। নিশ্চয় তেওঁ সিহঁতৰ কল্যাণ সম্পৰ্কে অৱগত। সেইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক