ছূৰা 22 · জুজ 17
Al-Hajj · 22:70
أَلَمْ تَعْلَمْ أَنَّ اللَّهَ يَعْلَمُ مَا فِي السَّمَاءِ وَالْأَرْضِ ۗ إِنَّ ذَٰلِكَ فِي كِتَابٍ ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ
তুমি নাজানা নে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহে জানে। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।
তাফছীৰ
হে ৰাছুল! আপুনি নাজানে নেকি যে, নিশ্চয় আল্লাহ আকাশৰ আৰু পৃথিৱীৰ সকলো বিষয়েই অৱগত, এই দুয়োৰে মাজত থকা একোৱেই তেওঁৰ পৰা গোপন নহয়। এই সকলো বিষয়ৰ জ্ঞান লওহে মাহফুজত লিপিবদ্ধ আছে। এইবোৰ বিষয় সম্পৰ্কে জ্ঞান ৰখা আল্লাহৰ পক্ষে তেনেই উজু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক