ছূৰা 22 · জুজ 17

Al-Hajj · 22:71

وَيَعْبُدُونَ مِنْ دُونِ اللَّهِ مَا لَمْ يُنَزِّلْ بِهِ سُلْطَانًا وَمَا لَيْسَ لَهُمْ بِهِ عِلْمٌ ۗ وَمَا لِلظَّالِمِينَ مِنْ نَصِيرٍ

আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই, আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। অৱশ্যে যালিমসকলৰ কোনো সহায়কাৰী নাই।

তাফছীৰ

মুশ্বৰিকসকলে আল্লাহক এৰি এনেকুৱা মূৰ্তিবোৰৰ উপাসনা কৰে, যিবোৰক উপাসনা কৰাৰ কোনো প্ৰমাণ আল্লাহে তেওঁৰ পুথিত অৱতীৰ্ণ কৰা নাই। তথা সেইবোৰ যে, উপাস্য তাৰ সপক্ষে সিহঁতৰ ওচৰতো জ্ঞান নিৰ্ভৰ কোনো প্ৰমাণ নাই। সিহঁতৰ ভিত্তি হৈছে পিতৃ-পুৰুষসকলৰ অন্ধানুসৰণ। অন্যায়কাৰীসকলক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাথাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক