ছূৰা 22 · জুজ 17

Al-Hajj · 22:72

وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ تَعْرِفُ فِي وُجُوهِ الَّذِينَ كَفَرُوا الْمُنْكَرَ ۖ يَكَادُونَ يَسْطُونَ بِالَّذِينَ يَتْلُونَ عَلَيْهِمْ آيَاتِنَا ۗ قُلْ أَفَأُنَبِّئُكُمْ بِشَرٍّ مِنْ ذَٰلِكُمُ ۗ النَّارُ وَعَدَهَا اللَّهُ الَّذِينَ كَفَرُوا ۖ وَبِئْسَ الْمَصِيرُ

আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ্ট ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে সিহঁতে তেওঁলোকক আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, ‘মই তোমালোকক ইয়াতকৈয়ো নিকৃষ্ট বস্তুৰ সংবাদ দিমনে?--- সেয়া হ’ল জুই। যিসকলে কুফৰী কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!’

তাফছীৰ

সিহঁতৰ সন্মুখত আমাৰ কোৰআনৰ স্পষ্ট আয়াতসমূহ যেতিয়া তিলাৱত কৰা হয়, তেতিয়া আপুনি আল্লাহক অস্বীকাৰ কৰা লোকসকলৰ মুখমণ্ডলত সেইবোৰক অপছন্দ কৰাৰ প্ৰভাৱ দেখিবলৈ পাব। এনেকুৱা অনুভৱ হয় যেনিবা সিহঁতে ক্ৰোধ সহ্য কৰিব নোৱাৰি আয়াত তিলাৱতকাৰীৰ ওপৰত আক্ৰমণ কৰিব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, মই তোমালোকক সেই বিষয়ে অৱগত কৰামনে, যিটো তোমালোকৰ ক্ৰোধ আৰু ভ্ৰূকুটীতকৈ নিকৃষ্ট, সেইখন হৈছে সেই জাহান্নাম যিখনত আল্লাহে কাফিৰসকলক প্ৰৱেশ কৰাব বুলি প্ৰতিশ্ৰুতি দিছে। সেইটো কিমান যে, নিকৃষ্ট ঠাই, য’ত সিহঁতে প্ৰৱেশ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক