ছূৰা 22 · জুজ 17

Al-Hajj · 22:36

وَالْبُدْنَ جَعَلْنَاهَا لَكُمْ مِنْ شَعَائِرِ اللَّهِ لَكُمْ فِيهَا خَيْرٌ ۖ فَاذْكُرُوا اسْمَ اللَّهِ عَلَيْهَا صَوَافَّ ۖ فَإِذَا وَجَبَتْ جُنُوبُهَا فَكُلُوا مِنْهَا وَأَطْعِمُوا الْقَانِعَ وَالْمُعْتَرَّ ۚ كَذَٰلِكَ سَخَّرْنَاهَا لَكُمْ لَعَلَّكُمْ تَشْكُرُونَ

আৰু উটক আমি আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম নিদৰ্শন বনাইছো, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এটা ভৰি বান্ধি থোৱা আৰু বাকী তিনিটা ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যায়, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্যশীল অভাৱগ্ৰস্তক লগতে সাহায্যপ্ৰাৰ্থীসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছো যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।

তাফছীৰ

হাদীৰ বাবে নিৰ্ধাৰণ কৰা সেই উট আৰু গৰু যিবোৰক কাবাৰ পিনে লৈ যোৱা হয়, সেইবোৰক আমি তোমালোকৰ বাবে ধৰ্মৰ প্ৰতীক বনাই দিছোঁ। সেইবোৰৰ মাজত তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ উপকাৰ আছে। এতেকে সেই উট জবেহ কৰাৰ সময়ত, তাৰ এটা ভৰি বান্ধি তিনি ঠেঙৰ ওপৰত থিয় কৰাই বিছমিল্লাহ বুলি কৈ জবেহ কৰিবা। জবেহ কৰাৰ পিছত যেতিয়া মাটিত বাগৰি পৰিব, (হে কুৰবানীকাৰী ব্যক্তি!) তেতিয়া তোমালোকে তাৰ মাংস ভক্ষণ কৰা, আৰু সেইসকল দুখীয়াক দিয়া যিসকলে মানুহৰ আগত হাত প্ৰসাৰিত নকৰে, লগতে সেইসকল দুখীয়াকো দিয়া যিসকলে মানুহৰ ওচৰত বিচাৰি ফুৰে। এইদৰেই আমি সেই জন্তুবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ, যাতে তোমালোকে সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰিব পাৰা, লগতে সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ যাতে তোমালোকে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ সেইবোৰক জবেহ কৰাৰ স্থানলৈ লৈ যাব পাৰা। আল্লাহে সেইবোৰক তোমালোকৰ অধীনস্থ কৰি দিয়াৰ বাবে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক