ছূৰা 22 · জুজ 17
Al-Hajj · 22:74
مَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ ۗ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ
সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাবান, পৰাক্ৰমশালী।
তাফছীৰ
সিহঁতে আল্লাহক যিদৰে সন্মান কৰা উচিত সেইদৰে সন্মান কৰা নাই, কিয়নো সিহঁতে আল্লাহৰ সৈতে তেওঁৰ কিছুমান সৃষ্টিৰো উপাসনা কৰে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান। তেওঁৰ শক্তি আৰু ক্ষমতাৰ এইটোৱেই প্ৰমাণ যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুকে সৃষ্টি কৰিছে। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। পক্ষান্তৰে মুশ্বৰিকসকলৰ মূৰ্তিবোৰ হৈছে অতি দুৰ্বল, মৰ্যাদাহীন। একোৱেই সৃষ্টি কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক