ছূৰা 22 · জুজ 17
Al-Hajj · 22:18
أَلَمْ تَرَ أَنَّ اللَّهَ يَسْجُدُ لَهُ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ وَالشَّمْسُ وَالْقَمَرُ وَالنُّجُومُ وَالْجِبَالُ وَالشَّجَرُ وَالدَّوَابُّ وَكَثِيرٌ مِنَ النَّاسِ ۖ وَكَثِيرٌ حَقَّ عَلَيْهِ الْعَذَابُ ۗ وَمَنْ يُهِنِ اللَّهُ فَمَا لَهُ مِنْ مُكْرِمٍ ۚ إِنَّ اللَّهَ يَفْعَلُ مَا يَشَاءُ ۩
তুমি দেখা নাইনে যে, আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তু লগতে বহুতো মানুহেও ছাজদাহ কৰে? আৰু বহুতৰে প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই; নিশ্চয় আল্লাহ যি ইচ্ছা সেইটোৱে কৰে।
তাফছীৰ
হে ৰাছুল! আপুনি নাজানে নেকি যে, আকাশমণ্ডলৰ সকলো ফিৰিস্তাই, পৃথিৱীৰ সকলো ইমান্দাৰ জ্বিন আৰু মানৱে আল্লাহৰ সন্মুখত তেওঁৰ ইবাদত কৰিবলৈ ছাজদাহ কৰে। সূৰ্যও তেওঁকেই ছাজদাহ কৰে আৰু চন্দ্ৰও তেওঁকেই ছাজদাহ কৰে আৰু আকাশত থকা তৰাবোৰেও তেওঁকেই ছাজদাহ কৰে, লগতে পাহাৰ-পৰ্বত, গছ-গছনি আৰু পৃথিৱীৰ সকলো জীৱ-জন্তুৱে তেওঁৰ ওচৰতেই নত স্বীকাৰ কৰে। বহুতো লোকে ইবাদত কৰি আল্লাহক ছাজদাহ কৰে, আনহাতে বহুতো লোকে আনুগত্যমূলক ছাজদাৰ পৰা নিজকে বিৰত ৰাখে। এনেকুৱা লোকৰ বিপক্ষে সিহঁতৰ কুফৰীৰ কাৰণে সিহঁতৰ ওপৰত শাস্তি অ হৈছে। কুফৰীৰ কাৰণে আল্লাহে যাৰ ক্ষেত্ৰত অপমানজনক শাস্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিব, তাৰ বাবে কোনেও সন্মান কঢ়িয়াই আনিব নোৱাৰে। নিশ্চয় আল্লাহে যিটো বিচাৰে সেইটোৱে কৰে। পৱিত্ৰ মহান আল্লাহক কোনেও বাধ্য কৰাব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক