Ibrahim

سورة إبراهيم

ছূৰা 14 · মক্কী · 52 আয়াত

14:1জুজ 13 · পৃ. 255

الر ۚ كِتَابٌ أَنْزَلْنَاهُ إِلَيْكَ لِتُخْرِجَ النَّاسَ مِنَ الظُّلُمَاتِ إِلَى النُّورِ بِإِذْنِ رَبِّهِمْ إِلَىٰ صِرَاطِ الْعَزِيزِ الْحَمِيدِ1

আলিফ-লাম-ৰা, এইটো এখন কিতাব, আমি ইয়াক তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।
14:2জুজ 13 · পৃ. 255

اللَّهِ الَّذِي لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ وَوَيْلٌ لِلْكَافِرِينَ مِنْ عَذَابٍ شَدِيدٍ2

সেই আল্লাহৰ পথত, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সকলো বস্তুৰেই গৰাকী, আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তিৰ দুৰ্ভোগ,
14:3জুজ 13 · পৃ. 255

الَّذِينَ يَسْتَحِبُّونَ الْحَيَاةَ الدُّنْيَا عَلَى الْآخِرَةِ وَيَصُدُّونَ عَنْ سَبِيلِ اللَّهِ وَيَبْغُونَهَا عِوَجًا ۚ أُولَٰئِكَ فِي ضَلَالٍ بَعِيدٍ3

যিসকলে পাৰ্থিৱ জীৱনক আখিৰাততকৈ অধিক ভালপায় আৰু মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, আৰু তাত বক্ৰতা সন্ধান কৰে; সিহঁতেই ঘোৰ বিভ্ৰান্তিত নিপতিত।
14:4জুজ 13 · পৃ. 255

وَمَا أَرْسَلْنَا مِنْ رَسُولٍ إِلَّا بِلِسَانِ قَوْمِهِ لِيُبَيِّنَ لَهُمْ ۖ فَيُضِلُّ اللَّهُ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ4

আৰু আমি প্ৰতিজন ৰাছুলক তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছো, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে, তাৰ পিছতো আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
14:5জুজ 13 · পৃ. 255

وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِآيَاتِنَا أَنْ أَخْرِجْ قَوْمَكَ مِنَ الظُّلُمَاتِ إِلَى النُّورِ وَذَكِّرْهُمْ بِأَيَّامِ اللَّهِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِكُلِّ صَبَّارٍ شَكُورٍ5

আৰু অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শনসহ প্ৰেৰণ কৰিছিলো আৰু কৈছিলো, ‘তোমাৰ সম্প্ৰদায়ক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ আহা, আৰু সিহঁতক আল্লাহৰ দিনবোৰৰ (অৰ্থাৎ বিভিন্ন সম্প্ৰদায়ৰ শাস্তিৰ দিনবোৰৰ) দ্বাৰা উপদেশ দিয়া’। ইয়াত নিদৰ্শন আছে প্ৰত্যেক পৰম ধৈৰ্যশীল আৰু পৰম কৃতজ্ঞ ব্যক্তিৰ বাবে।
14:6জুজ 13 · পৃ. 256

وَإِذْ قَالَ مُوسَىٰ لِقَوْمِهِ اذْكُرُوا نِعْمَةَ اللَّهِ عَلَيْكُمْ إِذْ أَنْجَاكُمْ مِنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ وَيُذَبِّحُونَ أَبْنَاءَكُمْ وَيَسْتَحْيُونَ نِسَاءَكُمْ ۚ وَفِي ذَٰلِكُمْ بَلَاءٌ مِنْ رَبِّكُمْ عَظِيمٌ6

আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘আল্লাহে তোমালোকৰ ওপৰত কৰা অনুগ্ৰহবোৰ স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক ৰক্ষা কৰিছিল ফিৰআউন গোষ্ঠীৰ কবলৰ পৰা, যিহঁতে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানক জবেহ কৰিছিল আৰু তোমালোকৰ নাৰীসকলক জীৱিত ৰাখিছিল; আৰু ইয়াত আছিল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহাপৰীক্ষা’।
14:7জুজ 13 · পৃ. 256

وَإِذْ تَأَذَّنَ رَبُّكُمْ لَئِنْ شَكَرْتُمْ لَأَزِيدَنَّكُمْ ۖ وَلَئِنْ كَفَرْتُمْ إِنَّ عَذَابِي لَشَدِيدٌ7

আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিছিল, যদি তোমালোক কৃতজ্ঞ হোৱা তেন্তে অৱশ্যে মই তোমালোকক আৰু অধিক প্ৰদান কৰিম, আৰু অকৃতজ্ঞ হ'লে নিশ্চয় মোৰ শাস্তি অতি কঠোৰ।
14:8জুজ 13 · পৃ. 256

وَقَالَ مُوسَىٰ إِنْ تَكْفُرُوا أَنْتُمْ وَمَنْ فِي الْأَرْضِ جَمِيعًا فَإِنَّ اللَّهَ لَغَنِيٌّ حَمِيدٌ8

আৰু মুছাই কৈছিল, ‘তোমালোকে আৰু পৃথিৱীৰ সকলোৱে যদি অকৃতজ্ঞ হোৱা, তথাপিও নিশ্চয় আল্লাহ অভাৱমুক্ত, সৰ্বপ্ৰশংসিত’।
14:9জুজ 13 · পৃ. 256

أَلَمْ يَأْتِكُمْ نَبَأُ الَّذِينَ مِنْ قَبْلِكُمْ قَوْمِ نُوحٍ وَعَادٍ وَثَمُودَ ۛ وَالَّذِينَ مِنْ بَعْدِهِمْ ۛ لَا يَعْلَمُهُمْ إِلَّا اللَّهُ ۚ جَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَرَدُّوا أَيْدِيَهُمْ فِي أَفْوَاهِهِمْ وَقَالُوا إِنَّا كَفَرْنَا بِمَا أُرْسِلْتُمْ بِهِ وَإِنَّا لَفِي شَكٍّ مِمَّا تَدْعُونَنَا إِلَيْهِ مُرِيبٍ9

তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ সংবাদ আহি পোৱা নাইনে, নূহ সম্প্ৰদায়ৰ, আদ আৰু ছামূদৰ লগতে সিহঁতৰ পৰবৰ্তীসকলৰ? যিসকলক আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি লৈ সিহঁতৰ ৰাছুলসকল আহিছিল, তেতিয়া সিহঁতে নিজৰ হাত নিজ মুখত স্থাপন কৰি কৈছিল, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি নিশ্চিতভাৱে অস্বীকাৰ কৰিলো, আৰু নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছো সেই বিষয়ে, যাৰ পিনে তোমালোকে আমাক আহ্বান কৰি আছা’।
14:10জুজ 13 · পৃ. 256

۞ قَالَتْ رُسُلُهُمْ أَفِي اللَّهِ شَكٌّ فَاطِرِ السَّمَاوَاتِ وَالْأَرْضِ ۖ يَدْعُوكُمْ لِيَغْفِرَ لَكُمْ مِنْ ذُنُوبِكُمْ وَيُؤَخِّرَكُمْ إِلَىٰ أَجَلٍ مُسَمًّى ۚ قَالُوا إِنْ أَنْتُمْ إِلَّا بَشَرٌ مِثْلُنَا تُرِيدُونَ أَنْ تَصُدُّونَا عَمَّا كَانَ يَعْبُدُ آبَاؤُنَا فَأْتُونَا بِسُلْطَانٍ مُبِينٍ10

সিহঁতৰ ৰাছুলসকলে কৈছিল, ‘আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা? তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপ মোচন কৰাৰ বাবে আৰু নিৰ্দিষ্ট কাল পৰ্যন্ত তোমালোকক অৱকাশ দিয়াৰ বাবে’। সিহঁতে ক’লে, ‘তোমালোকে হেনো আমাৰ দৰেই মানুহ। আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল তোমালোকে সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা। এতেকে তোমালোকে আমাৰ ওচৰত কোনো অকাট্য প্ৰমাণ লৈ আহা’।
14:11জুজ 13 · পৃ. 257

قَالَتْ لَهُمْ رُسُلُهُمْ إِنْ نَحْنُ إِلَّا بَشَرٌ مِثْلُكُمْ وَلَٰكِنَّ اللَّهَ يَمُنُّ عَلَىٰ مَنْ يَشَاءُ مِنْ عِبَادِهِ ۖ وَمَا كَانَ لَنَا أَنْ نَأْتِيَكُمْ بِسُلْطَانٍ إِلَّا بِإِذْنِ اللَّهِ ۚ وَعَلَى اللَّهِ فَلْيَتَوَكَّلِ الْمُؤْمِنُونَ11

সিহঁতৰ ৰাছুলসকলে সিহঁতক ক’লে, ‘সঁচা, আমি তোমালোকৰ দৰেই মানুহ কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা অনুগ্ৰহ প্ৰদান কৰে আৰু আল্লাহৰ অনুমতিবিহীন তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰাৰ ক্ষমতা আমাৰ মাজত নাই’। আল্লাহৰ ওপৰতেই মুমিনসকলৰ তাৱাক্কুল (ভৰসা) কৰা উচিত।
14:12জুজ 13 · পৃ. 257

وَمَا لَنَا أَلَّا نَتَوَكَّلَ عَلَى اللَّهِ وَقَدْ هَدَانَا سُبُلَنَا ۚ وَلَنَصْبِرَنَّ عَلَىٰ مَا آذَيْتُمُونَا ۚ وَعَلَى اللَّهِ فَلْيَتَوَكَّلِ الْمُتَوَكِّلُونَ12

‘আৰু আমাৰ কি হৈছে যে, আমি আল্লাহৰ ওপৰত ভৰসা নকৰিম? অথচ তেৱেঁই আমাক আমাৰ পথ দেখুৱাইছে। (আৰু শুনা) তোমালোকে আমাক যি কষ্ট দি আছা, আমি তাৰ ওপৰত অৱশ্যে ধৈৰ্য ধাৰণ কৰিম। এতেকে নিৰ্ভৰকাৰী সকলৰ কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰা উচিত’।
14:13জুজ 13 · পৃ. 257

وَقَالَ الَّذِينَ كَفَرُوا لِرُسُلِهِمْ لَنُخْرِجَنَّكُمْ مِنْ أَرْضِنَا أَوْ لَتَعُودُنَّ فِي مِلَّتِنَا ۖ فَأَوْحَىٰ إِلَيْهِمْ رَبُّهُمْ لَنُهْلِكَنَّ الظَّالِمِينَ13

আৰু কাফিৰসকলে সিহঁতৰ ৰাছুলসকলক কৈছিল, ‘আমি তোমালোকক আমাৰ দেশৰ পৰা অৱশ্যে বহিষ্কাৰ কৰিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শত উভতি আহিবা’। তাৰ পিছত ৰাছুলসকলক তেওঁলোকৰ প্ৰতিপালকে অহী প্ৰেৰণ কৰিলে, ‘যালিমসকলক আমি অৱশ্যে বিনাশ কৰিম’;
14:14জুজ 13 · পৃ. 257

وَلَنُسْكِنَنَّكُمُ الْأَرْضَ مِنْ بَعْدِهِمْ ۚ ذَٰلِكَ لِمَنْ خَافَ مَقَامِي وَخَافَ وَعِيدِ14

অৱশ্যে আমি সিহঁতৰ পিছত তোমালোকক এই দেশত বাস কৰাম; এইটো তাৰ বাবে যিয়ে আমাৰ সন্মুখত উপস্থিত হ’বলৈ ভয় কৰে আৰু ভয় কৰে আমাৰ শাস্তিৰ।
14:15জুজ 13 · পৃ. 257

وَاسْتَفْتَحُوا وَخَابَ كُلُّ جَبَّارٍ عَنِيدٍ15

আৰু সিহঁতে বিজয় কামনা কৰিলে কিন্তু প্ৰত্যেক উদ্ধত স্বৈৰাচাৰী ব্যৰ্থ মনোৰথ হ’ল।
14:16জুজ 13 · পৃ. 257

مِنْ وَرَائِهِ جَهَنَّمُ وَيُسْقَىٰ مِنْ مَاءٍ صَدِيدٍ16

তাৰ সন্মুখত আছে জাহান্নাম আৰু তাক পান কৰোৱা হ’ব গলিত পূঁজ;
14:17জুজ 13 · পৃ. 257

يَتَجَرَّعُهُ وَلَا يَكَادُ يُسِيغُهُ وَيَأْتِيهِ الْمَوْتُ مِنْ كُلِّ مَكَانٍ وَمَا هُوَ بِمَيِّتٍ ۖ وَمِنْ وَرَائِهِ عَذَابٌ غَلِيظٌ17

সেইটো সি অতি কষ্টত ঢোকে ঢোকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউফালৰ পৰা তাৰ ওচৰত মৃত্যু আহিব, অথচ তাৰ মৃত্যু নহ’ব। ইয়াৰ পিছতো আছে কঠোৰ শাস্তি।
14:18জুজ 13 · পৃ. 257

مَثَلُ الَّذِينَ كَفَرُوا بِرَبِّهِمْ ۖ أَعْمَالُهُمْ كَرَمَادٍ اشْتَدَّتْ بِهِ الرِّيحُ فِي يَوْمٍ عَاصِفٍ ۖ لَا يَقْدِرُونَ مِمَّا كَسَبُوا عَلَىٰ شَيْءٍ ۚ ذَٰلِكَ هُوَ الضَّلَالُ الْبَعِيدُ18

যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰে সিহঁতৰ উপমা হৈছে, সিহঁতৰ আমলবোৰ ভস্মৰ দৰে, যিবোৰ ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত সেইবোৰ উৰুৱাই লৈ যায়। সিহঁতে যি উপাৰ্জন কৰে তাৰ একোৱেই সিহঁতে নিজৰ কামত লগাব নোৱাৰে। এইটোৱেই চৰম বিভ্ৰান্তি।
14:19জুজ 13 · পৃ. 258

أَلَمْ تَرَ أَنَّ اللَّهَ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ ۚ إِنْ يَشَأْ يُذْهِبْكُمْ وَيَأْتِ بِخَلْقٍ جَدِيدٍ19

তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশসমূহ আৰু পৃথিৱী যথাযথভাৱে সৃষ্টি কৰিছে? তেওঁ ইচ্ছা কৰিলে তোমালোকৰ অস্তিত্ব বিলোপ কৰিব পাৰে আৰু নতুন এটা সৃষ্টিক অস্তিত্বত আনিব পাৰে,
14:20জুজ 13 · পৃ. 258

وَمَا ذَٰلِكَ عَلَى اللَّهِ بِعَزِيزٍ20

আৰু এইটো আল্লাহৰ বাবে একো টান কাম নহয়।
14:21জুজ 13 · পৃ. 258

وَبَرَزُوا لِلَّهِ جَمِيعًا فَقَالَ الضُّعَفَاءُ لِلَّذِينَ اسْتَكْبَرُوا إِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ أَنْتُمْ مُغْنُونَ عَنَّا مِنْ عَذَابِ اللَّهِ مِنْ شَيْءٍ ۚ قَالُوا لَوْ هَدَانَا اللَّهُ لَهَدَيْنَاكُمْ ۖ سَوَاءٌ عَلَيْنَا أَجَزِعْنَا أَمْ صَبَرْنَا مَا لَنَا مِنْ مَحِيصٍ21

আৰু সিহঁত সকলোৱে আল্লাহৰ ওচৰত প্ৰকাশিত হ’ব। তেতিয়া দুৰ্বলসকলে যিসকলে অহংকাৰ কৰিছিল সিহঁতক ক’ব, ‘আমি তোমালোকৰ অনুসাৰী আছিলো, এতিয়া তোমালোকে আল্লাহৰ শাস্তিৰ পৰা আমাক অলপ ৰক্ষা কৰিব পাৰিবানে’? সিহঁতে ক’ব, ‘আল্লাহে যদি আমাক সৎপথত পৰিচালিত কৰিলেহেঁতেন তেন্তে আমিও তোমালোকক সৎপথত পৰিচালিত কৰিলোহেঁতেন। এতিয়া আমি ধৈৰ্যচ্যুত হওঁ অথবা ধৈৰ্যশীল- উভয় অৱস্থাই আমাৰ বাবে সমান; আমাৰ পলোৱাৰ কোনো ঠাই নাই’।
14:22জুজ 13 · পৃ. 258

وَقَالَ الشَّيْطَانُ لَمَّا قُضِيَ الْأَمْرُ إِنَّ اللَّهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِيَ عَلَيْكُمْ مِنْ سُلْطَانٍ إِلَّا أَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِي ۖ فَلَا تَلُومُونِي وَلُومُوا أَنْفُسَكُمْ ۖ مَا أَنَا بِمُصْرِخِكُمْ وَمَا أَنْتُمْ بِمُصْرِخِيَّ ۖ إِنِّي كَفَرْتُ بِمَا أَشْرَكْتُمُونِ مِنْ قَبْلُ ۗ إِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ22

আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
14:23জুজ 13 · পৃ. 258

وَأُدْخِلَ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا بِإِذْنِ رَبِّهِمْ ۖ تَحِيَّتُهُمْ فِيهَا سَلَامٌ23

আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক প্ৰৱেশ কৰোৱা হ’ব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক নিজ প্ৰতিপালকৰ অনুমতিক্ৰমে স্থায়িত্ব লাভ কৰিব, তাত তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’।
14:24জুজ 13 · পৃ. 258

أَلَمْ تَرَ كَيْفَ ضَرَبَ اللَّهُ مَثَلًا كَلِمَةً طَيِّبَةً كَشَجَرَةٍ طَيِّبَةٍ أَصْلُهَا ثَابِتٌ وَفَرْعُهَا فِي السَّمَاءِ24

তুমি লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ উপমা দাঙি ধৰে? কলিমা তায়্যেবাৰ তুলনা উৎকৃষ্ট গছৰ দৰে, যাৰ মূল সুদৃঢ় আৰু যাৰ শাখা-প্ৰশাখা ওপৰত বিস্তৃত,
14:25জুজ 13 · পৃ. 259

تُؤْتِي أُكُلَهَا كُلَّ حِينٍ بِإِذْنِ رَبِّهَا ۗ وَيَضْرِبُ اللَّهُ الْأَمْثَالَ لِلنَّاسِ لَعَلَّهُمْ يَتَذَكَّرُونَ25

যিটো তাৰ প্ৰতিপালকৰ অনুমতিক্ৰমে সদায় তাৰ ফল দান কৰে; আৰু আল্লাহে মানুহৰ বাবে উপমা দাঙি ধৰে, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে।
14:26জুজ 13 · পৃ. 259

وَمَثَلُ كَلِمَةٍ خَبِيثَةٍ كَشَجَرَةٍ خَبِيثَةٍ اجْتُثَّتْ مِنْ فَوْقِ الْأَرْضِ مَا لَهَا مِنْ قَرَارٍ26

আৰু অসৎ বাক্যৰ তুলনা এটা বেয়া গছৰ দৰে, যাৰ মূল ভূপৃষ্ঠৰ পৰা বিচ্ছিন্নকৃত, যাৰ কোনো স্থায়িত্ব নাই।
14:27জুজ 13 · পৃ. 259

يُثَبِّتُ اللَّهُ الَّذِينَ آمَنُوا بِالْقَوْلِ الثَّابِتِ فِي الْحَيَاةِ الدُّنْيَا وَفِي الْآخِرَةِ ۖ وَيُضِلُّ اللَّهُ الظَّالِمِينَ ۚ وَيَفْعَلُ اللَّهُ مَا يَشَاءُ27

যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব, আৰু যালিমসকলক বিভ্ৰান্তিত ৰাখিব। কাৰণ আল্লাহে যি ইচ্ছা সেইটোৱেই কৰে।
14:28জুজ 13 · পৃ. 259

۞ أَلَمْ تَرَ إِلَى الَّذِينَ بَدَّلُوا نِعْمَتَ اللَّهِ كُفْرًا وَأَحَلُّوا قَوْمَهُمْ دَارَ الْبَوَارِ28

তুমি সিহঁতক দেখা নাইনে, যিসকলে আল্লাহৰ অনুগ্ৰহক কুফৰীৰ দ্বাৰা পৰিবৰ্তন কৰিছে? আৰু সিহঁতে নিজ সম্প্ৰদায়ক নমাই আনিছে ধ্বংসৰ আবাসত---
14:29জুজ 13 · পৃ. 259

جَهَنَّمَ يَصْلَوْنَهَا ۖ وَبِئْسَ الْقَرَارُ29

জাহান্নামত, যাৰ মাজত সিহঁত দগ্ধ হ’ব, আৰু কিমান যে নিকৃষ্ট এই আবাসস্থল!
14:30জুজ 13 · পৃ. 259

وَجَعَلُوا لِلَّهِ أَنْدَادًا لِيُضِلُّوا عَنْ سَبِيلِهِ ۗ قُلْ تَمَتَّعُوا فَإِنَّ مَصِيرَكُمْ إِلَى النَّارِ30

আৰু সিহঁতে আল্লাহৰ বাবে সমকক্ষ নিৰ্ধাৰণ কৰে, যাতে সিহঁতে তেওঁৰ পথৰ পৰা (মানুহক) বিভ্ৰান্ত কৰিব পাৰে। কোৱা, ভোগ কৰি লোৱা, অৱশেষত জাহান্নামেই তোমালোকৰ গন্তব্যস্থল।
14:31জুজ 13 · পৃ. 259

قُلْ لِعِبَادِيَ الَّذِينَ آمَنُوا يُقِيمُوا الصَّلَاةَ وَيُنْفِقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً مِنْ قَبْلِ أَنْ يَأْتِيَ يَوْمٌ لَا بَيْعٌ فِيهِ وَلَا خِلَالٌ31

মোৰ বান্দাসকলৰ মাজত যিসকলে ঈমান আনিছে তেওঁলোকক তুমি কোৱা, ‘ছালাত কায়েম কৰিবলৈ আৰু মই তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰিবলৈ—সেই দিন অহাৰ পূৰ্বেই যিদিনা কোনো ক্ৰয়-বিক্ৰয় নাথাকিব আৰু কোনো বন্ধুত্বও নাথাকিব’।
14:32জুজ 13 · পৃ. 259

اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَأَنْزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجَ بِهِ مِنَ الثَّمَرَاتِ رِزْقًا لَكُمْ ۖ وَسَخَّرَ لَكُمُ الْفُلْكَ لِتَجْرِيَ فِي الْبَحْرِ بِأَمْرِهِ ۖ وَسَخَّرَ لَكُمُ الْأَنْهَارَ32

আল্লাহ সেইজন, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰে আৰু তেৱেঁই নৌযানক তোমালোকৰ অনুগত কৰি দিছে, যাতে তেওঁৰ নিৰ্দেশত সেইবোৰ সাগৰত বিচৰণ কৰে আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে নদীসমূহক।
14:33জুজ 13 · পৃ. 259

وَسَخَّرَ لَكُمُ الشَّمْسَ وَالْقَمَرَ دَائِبَيْنِ ۖ وَسَخَّرَ لَكُمُ اللَّيْلَ وَالنَّهَارَ33

আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে সূৰ্য আৰু চন্দ্ৰক, যিবোৰ অবিৰামভাৱে একেই নিয়মৰ অনুবৰ্তিত আৰু তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে দিন আৰু ৰাতিক।
14:34জুজ 13 · পৃ. 260

وَآتَاكُمْ مِنْ كُلِّ مَا سَأَلْتُمُوهُ ۚ وَإِنْ تَعُدُّوا نِعْمَتَ اللَّهِ لَا تُحْصُوهَا ۗ إِنَّ الْإِنْسَانَ لَظَلُومٌ كَفَّارٌ34

আৰু তোমালোকে যি বিচাৰিছা সেইটোৱেই তেওঁ তোমালোকক প্ৰদান কৰিছে। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে (কেতিয়াও) তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা যালিম, অকৃতজ্ঞ।
14:35জুজ 13 · পৃ. 260

وَإِذْ قَالَ إِبْرَاهِيمُ رَبِّ اجْعَلْ هَٰذَا الْبَلَدَ آمِنًا وَاجْنُبْنِي وَبَنِيَّ أَنْ نَعْبُدَ الْأَصْنَامَ35

আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে কৈছিল, ‘হে মোৰ ৰব! এই চহৰক নিৰাপদ কৰি দিয়া, মোক আৰু মোৰ পুত্ৰসকলক মূৰ্তি পূজাৰ পৰা দূৰৈত ৰখা’।
14:36জুজ 13 · পৃ. 260

رَبِّ إِنَّهُنَّ أَضْلَلْنَ كَثِيرًا مِنَ النَّاسِ ۖ فَمَنْ تَبِعَنِي فَإِنَّهُ مِنِّي ۖ وَمَنْ عَصَانِي فَإِنَّكَ غَفُورٌ رَحِيمٌ36

‘হে মোৰ ৰব! এইবোৰ মূৰ্তিয়ে বহু মানুহক বিভ্ৰান্ত কৰিছে। এতেকে যিয়ে মোৰ অনুসৰণ কৰিব তেওঁ মোৰ দলভুক্ত, আৰু যিয়ে মোৰ অবাধ্য হ’ব তেন্তে তুমিতো ক্ষমাশীল, পৰম দয়ালু’।
14:37জুজ 13 · পৃ. 260

رَبَّنَا إِنِّي أَسْكَنْتُ مِنْ ذُرِّيَّتِي بِوَادٍ غَيْرِ ذِي زَرْعٍ عِنْدَ بَيْتِكَ الْمُحَرَّمِ رَبَّنَا لِيُقِيمُوا الصَّلَاةَ فَاجْعَلْ أَفْئِدَةً مِنَ النَّاسِ تَهْوِي إِلَيْهِمْ وَارْزُقْهُمْ مِنَ الثَّمَرَاتِ لَعَلَّهُمْ يَشْكُرُونَ37

‘হে আমাৰ ৰব! নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত, তোমাৰ পৱিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালো। হে আমাৰ ৰব! এই কাৰণে যে, তেওঁলোকে যেন ছালাত কায়েম কৰে। এতেকে তুমি কিছুমান লোকৰ অন্তৰ তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া আৰু ফলমূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে’।
14:38জুজ 13 · পৃ. 260

رَبَّنَا إِنَّكَ تَعْلَمُ مَا نُخْفِي وَمَا نُعْلِنُ ۗ وَمَا يَخْفَىٰ عَلَى اللَّهِ مِنْ شَيْءٍ فِي الْأَرْضِ وَلَا فِي السَّمَاءِ38

‘হে আমাৰ ৰব! নিশ্চয় তুমি জানা যিবোৰ আমি গোপন কৰো আৰু যি আমি প্ৰকাশ কৰো, আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই আল্লাহৰ পৰা গোপন নহয়’।
14:39জুজ 13 · পৃ. 260

الْحَمْدُ لِلَّهِ الَّذِي وَهَبَ لِي عَلَى الْكِبَرِ إِسْمَاعِيلَ وَإِسْحَاقَ ۚ إِنَّ رَبِّي لَسَمِيعُ الدُّعَاءِ39

সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে মোক মোৰ বৃদ্ধ অৱস্থাত ইছমাঈল আৰু ইছহাক্ব দান কৰিছে। নিশ্চয় মোৰ ৰব দুআ শ্ৰৱণকাৰী।

رَبِّ اجْعَلْنِي مُقِيمَ الصَّلَاةِ وَمِنْ ذُرِّيَّتِي ۚ رَبَّنَا وَتَقَبَّلْ دُعَاءِ40

‘হে মোৰ ৰব! মোক ছালাত প্ৰতিষ্ঠাকাৰী বনাই দিয়া লগতে মোৰ বংশধৰ সকলৰ পৰাও। হে মোৰ ৰব! আৰু মোৰ দুআ কবুল কৰা’।
14:41জুজ 13 · পৃ. 260

رَبَّنَا اغْفِرْ لِي وَلِوَالِدَيَّ وَلِلْمُؤْمِنِينَ يَوْمَ يَقُومُ الْحِسَابُ41

‘হে আমাৰ ৰব! যিদিনা হিচাব অনুষ্ঠিত হ’ব সেইদিনা মোক, আৰু মোৰ পিতৃ-মাতৃক লগতে মুমিনসকলক ক্ষমা কৰি দিবা’।
14:42জুজ 13 · পৃ. 260

وَلَا تَحْسَبَنَّ اللَّهَ غَافِلًا عَمَّا يَعْمَلُ الظَّالِمُونَ ۚ إِنَّمَا يُؤَخِّرُهُمْ لِيَوْمٍ تَشْخَصُ فِيهِ الْأَبْصَارُ42

আৰু যালিমসকলে যি কৰে সেই বিষয়ে তুমি কেতিয়াও আল্লাহক অমনোযোগী বুলি নাভাবিবা, কিন্তু তেওঁ সিহঁতক সেই দিনলৈকে অৱকাশ দিয়ে যিদিনা সিহঁতৰ চকু (আতংকত) স্থিৰ হ’ব।
14:43জুজ 13 · পৃ. 261

مُهْطِعِينَ مُقْنِعِي رُءُوسِهِمْ لَا يَرْتَدُّ إِلَيْهِمْ طَرْفُهُمْ ۖ وَأَفْئِدَتُهُمْ هَوَاءٌ43

ভীত-বিহ্বল চিত্তে ওপৰৰ পিনে চাই সিহঁতে পলাবলৈ দৌৰিব, নিজৰ প্ৰতি সিহঁতৰ দৃষ্টি উভতি নাহিব, আৰু সিহঁতৰ অন্তৰ হ’ব উদাস, শূন্য।
14:44জুজ 13 · পৃ. 261

وَأَنْذِرِ النَّاسَ يَوْمَ يَأْتِيهِمُ الْعَذَابُ فَيَقُولُ الَّذِينَ ظَلَمُوا رَبَّنَا أَخِّرْنَا إِلَىٰ أَجَلٍ قَرِيبٍ نُجِبْ دَعْوَتَكَ وَنَتَّبِعِ الرُّسُلَ ۗ أَوَلَمْ تَكُونُوا أَقْسَمْتُمْ مِنْ قَبْلُ مَا لَكُمْ مِنْ زَوَالٍ44

আৰু যিদিনা সিহঁতৰ শাস্তি আহিব সেইদিন সম্পৰ্কে তুমি মানুহক সতৰ্ক কৰা, তেতিয়া অন্যায়কাৰীসকলে ক’ব, ‘হে আমাৰ ৰব! তুমি আমাক অলপ সময়ৰ বাবে অৱকাশ দিয়া, আমি তোমাৰ আহ্বানত সঁহাৰি দিম আৰু ৰাছুলসকলৰ অনুসৰণ কৰিম’। (উত্তৰত কোৱা হ’ব) কিয় তোমালোকে জানো ইয়াৰ আগত শপত কৰি কোৱা নাছিলা যে, তোমালোকৰ কেতিয়াও পতন নহয়?
14:45জুজ 13 · পৃ. 261

وَسَكَنْتُمْ فِي مَسَاكِنِ الَّذِينَ ظَلَمُوا أَنْفُسَهُمْ وَتَبَيَّنَ لَكُمْ كَيْفَ فَعَلْنَا بِهِمْ وَضَرَبْنَا لَكُمُ الْأَمْثَالَ45

আৰু তোমালোকে বাস কৰিছিলা সিহঁতৰ ভূমিত, যিসকলে নিজৰে প্ৰতি অন্যায় কৰিছিল আৰু সিহঁতৰ লগত আমি কি ধৰণৰ (আচৰণ) কৰিছিলো সেয়াও তোমালোকৰ ওচৰত স্পষ্ট আছিল। লগতে আমি তোমালোকৰ বাবে বহুতো দৃষ্টান্তও উপস্থাপন কৰিছিলো।
14:46জুজ 13 · পৃ. 261

وَقَدْ مَكَرُوا مَكْرَهُمْ وَعِنْدَ اللَّهِ مَكْرُهُمْ وَإِنْ كَانَ مَكْرُهُمْ لِتَزُولَ مِنْهُ الْجِبَالُ46

আৰু সিহঁতে ভীষণ চক্ৰান্ত কৰিছিল, কিন্তু সিহঁতৰ চক্ৰান্ত ব্যৰ্থ কৰাৰ প্ৰতিকাৰ আল্লাহৰ ওচৰত আছে, তথাপিও সিহঁতৰ চক্ৰান্ত এনে নাছিল যে, পৰ্বতকো টলাব পাৰে।
14:47জুজ 13 · পৃ. 261

فَلَا تَحْسَبَنَّ اللَّهَ مُخْلِفَ وَعْدِهِ رُسُلَهُ ۗ إِنَّ اللَّهَ عَزِيزٌ ذُو انْتِقَامٍ47

এতেকে তুমি কেতিয়াও নাভাবিবা যে, আল্লাহে তেওঁৰ ৰাছুলসকলক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।
14:48জুজ 13 · পৃ. 261

يَوْمَ تُبَدَّلُ الْأَرْضُ غَيْرَ الْأَرْضِ وَالسَّمَاوَاتُ ۖ وَبَرَزُوا لِلَّهِ الْوَاحِدِ الْقَهَّارِ48

যিদিনা এই পৃথিৱী ভিন্ন পৃথিৱীত ৰূপান্তৰিত হ’ব আৰু আকাশসমূহও (ৰূপান্তৰিত হ’ব); আৰু মানুহ উন্মুক্তভাৱে উপস্থিত হ’ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।
14:49জুজ 13 · পৃ. 261

وَتَرَى الْمُجْرِمِينَ يَوْمَئِذٍ مُقَرَّنِينَ فِي الْأَصْفَادِ49

সেইদিনা তুমি অপৰাধী বিলাকক পৰস্পৰ শিকলীৰে বান্ধি থোৱা অৱস্থাত দেখিবা,
14:50জুজ 13 · পৃ. 261

سَرَابِيلُهُمْ مِنْ قَطِرَانٍ وَتَغْشَىٰ وُجُوهَهُمُ النَّارُ50

সিহঁতৰ পোছাক হ’ব আলকাতৰাৰ আৰু জুয়ে সিহঁতৰ মুখমণ্ডল আচ্ছন্ন কৰি ৰাখিব;
14:51জুজ 13 · পৃ. 261

لِيَجْزِيَ اللَّهُ كُلَّ نَفْسٍ مَا كَسَبَتْ ۚ إِنَّ اللَّهَ سَرِيعُ الْحِسَابِ51

যাতে আল্লাহে প্ৰতিদান দিয়ে প্ৰত্যেক নফছক সি যি অৰ্জন কৰিছে। নিশ্চয় আল্লাহ হিচাব গ্ৰহণত অতি দ্ৰুত।
14:52জুজ 13 · পৃ. 261

هَٰذَا بَلَاغٌ لِلنَّاسِ وَلِيُنْذَرُوا بِهِ وَلِيَعْلَمُوا أَنَّمَا هُوَ إِلَٰهٌ وَاحِدٌ وَلِيَذَّكَّرَ أُولُو الْأَلْبَابِ52

এইটো মানুহৰ বাবে এটা বাৰ্তা, যাতে ইয়াৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হয় আৰু যাতে সিহঁতে জানিব পাৰে যে, কেৱল তেৱেঁই একক সত্য ইলাহ আৰু যাতে বিবেক সম্পন্ন লোকে উপদেশ গ্ৰহণ কৰিব পাৰে।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক

Salah Bukhatir - Ibrahim · Tlawati