ছূৰা 14 · জুজ 13

Ibrahim · 14:47

فَلَا تَحْسَبَنَّ اللَّهَ مُخْلِفَ وَعْدِهِ رُسُلَهُ ۗ إِنَّ اللَّهَ عَزِيزٌ ذُو انْتِقَامٍ

এতেকে তুমি কেতিয়াও নাভাবিবা যে, আল্লাহে তেওঁৰ ৰাছুলসকলক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।

তাফছীৰ

হে ৰাছুল! আপুনি এইটো কেতিয়াও ধাৰণা নকৰিব যে, আল্লাহে ৰাছুলসকলক সহায় কৰাৰ আৰু দ্বীনক বিজয় প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া ভঙ্গ কৰিব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ নিজৰ প্ৰিয়জনক অৱশ্যে শক্তিশালী কৰিব। নিশ্চয় তেওঁ নিজৰ আৰু তেওঁৰ ৰাছুলসকলৰ শত্ৰুসকলৰ কঠিনভাৱে প্ৰতিশোধ লব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক