ছূৰা 14 · জুজ 13

Ibrahim · 14:48

يَوْمَ تُبَدَّلُ الْأَرْضُ غَيْرَ الْأَرْضِ وَالسَّمَاوَاتُ ۖ وَبَرَزُوا لِلَّهِ الْوَاحِدِ الْقَهَّارِ

যিদিনা এই পৃথিৱী ভিন্ন পৃথিৱীত ৰূপান্তৰিত হ’ব আৰু আকাশসমূহও (ৰূপান্তৰিত হ’ব); আৰু মানুহ উন্মুক্তভাৱে উপস্থিত হ’ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।

তাফছীৰ

কাফিৰসকলৰ পৰা এই প্ৰতিশোধ ক্বিয়ামতৰ দিনা লোৱা হ'ব। সেই দিনা এই পৃথিৱীক চাফ-চিকুন পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব। আকাশসমূহকো বেলেগ আকাশত পৰিণত কৰা হব। কবৰৰ পৰা মানুহ নিজৰ নিজৰ আমল আৰু শৰীৰ লৈ উঠিব। সেই আল্লাহৰ সন্মুখত অকলশৰীয়া হৈ থিয় হ'ব, যিজন মহানতা আৰু ৰাজত্ব একক। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক