ছূৰা 14 · জুজ 13
Ibrahim · 14:46
وَقَدْ مَكَرُوا مَكْرَهُمْ وَعِنْدَ اللَّهِ مَكْرُهُمْ وَإِنْ كَانَ مَكْرُهُمْ لِتَزُولَ مِنْهُ الْجِبَالُ
আৰু সিহঁতে ভীষণ চক্ৰান্ত কৰিছিল, কিন্তু সিহঁতৰ চক্ৰান্ত ব্যৰ্থ কৰাৰ প্ৰতিকাৰ আল্লাহৰ ওচৰত আছে, তথাপিও সিহঁতৰ চক্ৰান্ত এনে নাছিল যে, পৰ্বতকো টলাব পাৰে।
তাফছীৰ
অত্যাচাৰী সম্প্ৰদায়ৰ বাসস্থানত প্ৰৱেশ কৰা এই লোকসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হত্যা কৰাৰ আৰু তেওঁৰ আহ্বানক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। অথচ আল্লাহ সিহঁতৰ ষড়যন্ত্ৰ সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। দৰাচলতে সিহঁতৰ ষড়যন্ত্ৰ আছিল অতি দুৰ্বল, এনেকুৱা ষড়যন্ত্ৰই পৰ্বত আদিক স্থানান্তৰ কৰিব নোৱাৰে। পক্ষান্তৰে আল্লাহৰ কৌশল সুকীয়া।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক