ছূৰা 14 · জুজ 13

Ibrahim · 14:45

وَسَكَنْتُمْ فِي مَسَاكِنِ الَّذِينَ ظَلَمُوا أَنْفُسَهُمْ وَتَبَيَّنَ لَكُمْ كَيْفَ فَعَلْنَا بِهِمْ وَضَرَبْنَا لَكُمُ الْأَمْثَالَ

আৰু তোমালোকে বাস কৰিছিলা সিহঁতৰ ভূমিত, যিসকলে নিজৰে প্ৰতি অন্যায় কৰিছিল আৰু সিহঁতৰ লগত আমি কি ধৰণৰ (আচৰণ) কৰিছিলো সেয়াও তোমালোকৰ ওচৰত স্পষ্ট আছিল। লগতে আমি তোমালোকৰ বাবে বহুতো দৃষ্টান্তও উপস্থাপন কৰিছিলো।

তাফছীৰ

তোমালোকে পূৰ্বৱৰ্তী সম্প্ৰদায় সমূহে বসবাস কৰা ঠাইসমূহত প্ৰৱেশ কৰিছিলা, যিসকলে আল্লাহক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছিল, উদাহৰণ স্বৰূপে হূদ আৰু ছলেহ সম্প্ৰদায়। এই কথা তোমালোকৰ ওচৰত স্পষ্ট হৈছে যে, আমি কিদৰে সিহঁতক শাস্তি বিহিছিলো। আমি ঐশীপুথিত তোমালোকৰ বাবে উদাহৰণ দাঙি ধৰিছিলো, যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা। কিন্তু তোমালোকে এনেকুৱা কৰা নাছিলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক