ছূৰা 14 · জুজ 13

Ibrahim · 14:44

وَأَنْذِرِ النَّاسَ يَوْمَ يَأْتِيهِمُ الْعَذَابُ فَيَقُولُ الَّذِينَ ظَلَمُوا رَبَّنَا أَخِّرْنَا إِلَىٰ أَجَلٍ قَرِيبٍ نُجِبْ دَعْوَتَكَ وَنَتَّبِعِ الرُّسُلَ ۗ أَوَلَمْ تَكُونُوا أَقْسَمْتُمْ مِنْ قَبْلُ مَا لَكُمْ مِنْ زَوَالٍ

আৰু যিদিনা সিহঁতৰ শাস্তি আহিব সেইদিন সম্পৰ্কে তুমি মানুহক সতৰ্ক কৰা, তেতিয়া অন্যায়কাৰীসকলে ক’ব, ‘হে আমাৰ ৰব! তুমি আমাক অলপ সময়ৰ বাবে অৱকাশ দিয়া, আমি তোমাৰ আহ্বানত সঁহাৰি দিম আৰু ৰাছুলসকলৰ অনুসৰণ কৰিম’। (উত্তৰত কোৱা হ’ব) কিয় তোমালোকে জানো ইয়াৰ আগত শপত কৰি কোৱা নাছিলা যে, তোমালোকৰ কেতিয়াও পতন নহয়?

তাফছীৰ

হে ৰাছুল! আপুনি আপোনাৰ উম্মতক ক্বিয়ামত দিৱসৰ শাস্তিৰ পৰা সাৱধান কৰক। আল্লাহৰ লগত ৰী আৰু শ্বিৰ্ক কৰি যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে সিহঁতে সেইদিনা কবঃ হে আমাৰ প্ৰতিপালক! আমাক অলপ অৱকাশ দিয়া, আৰু কিছু সময়ৰ বাবে আমাৰ পৰা শাস্তি আঁতৰাই ৰাখা, আৰু আমাক সেই সময়ছোৱাত পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰা, আমি তোমাৰ প্ৰতি ঈমান আনিম আৰু তোমাৰ ৰাছুলসকলক অনুসৰণ কৰিম, যিসকলক তুমি আমালৈ প্ৰেৰণ কৰিছিলা। তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ তোমালোকে পাৰ্থিৱ জীৱনত, মৃত্যুৰ পৰৱৰ্তী জীৱনক অস্বীকাৰ কৰি শপত খোৱা নাছিলানে যে, তোমালোকে কেতিয়াও পৃথিৱীৰ পৰা আখিৰাতলৈ প্ৰত্যাৱৰ্তন নকৰিবা?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক