ছূৰা 14 · জুজ 13

Ibrahim · 14:39

الْحَمْدُ لِلَّهِ الَّذِي وَهَبَ لِي عَلَى الْكِبَرِ إِسْمَاعِيلَ وَإِسْحَاقَ ۚ إِنَّ رَبِّي لَسَمِيعُ الدُّعَاءِ

সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে মোক মোৰ বৃদ্ধ অৱস্থাত ইছমাঈল আৰু ইছহাক্ব দান কৰিছে। নিশ্চয় মোৰ ৰব দুআ শ্ৰৱণকাৰী।

তাফছীৰ

সকলো প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোৰ নেক সন্তান প্ৰাপ্তিৰ বাবে কৰা প্ৰাৰ্থনা কবূল কৰিছে। বৃদ্ধ বয়সতো তেওঁ মোক হাজিৰাৰ পৰা ইছমাঈল আৰু ছাৰাৰ পৰা ইছহাকৰ দৰে পুত্ৰ প্ৰদান কৰিছে। নিশ্চয় মোৰ পৱিত্ৰ প্ৰতিপালকে প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শ্ৰৱণ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক