ছূৰা 14 · জুজ 13
Ibrahim · 14:23
وَأُدْخِلَ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا بِإِذْنِ رَبِّهِمْ ۖ تَحِيَّتُهُمْ فِيهَا سَلَامٌ
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক প্ৰৱেশ কৰোৱা হ’ব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক নিজ প্ৰতিপালকৰ অনুমতিক্ৰমে স্থায়িত্ব লাভ কৰিব, তাত তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’।
তাফছীৰ
অন্যায়কাৰীসকলৰ বিপৰীতে যিসকলে ঈমান পোষণ কৰিছে আৰু নেক আমল কৰিছে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰোৱা হ'ব, যাৰ অট্টালিকা আৰু গছ-গছনিৰ তলদেশত নদী প্ৰবাহিত। তেওঁলোকে নিজ প্ৰতিপালকৰ ক্ষমতাত আৰু তেওঁৰ অনুমতিত চিৰকাল থাকিব। তেওঁলোকে ইজনে সিজনক অভিবাদন জনাব। ফিৰিস্তাসকলেও স্বাগতম জনাব আৰু তেওঁলোকৰ প্ৰতিপালকেও স্বাগতম জনাব। এই স্বাগতম জনোৱা হব ছালামৰ জৰিয়তে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক