ছূৰা 14 · জুজ 13
Ibrahim · 14:22
وَقَالَ الشَّيْطَانُ لَمَّا قُضِيَ الْأَمْرُ إِنَّ اللَّهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِيَ عَلَيْكُمْ مِنْ سُلْطَانٍ إِلَّا أَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِي ۖ فَلَا تَلُومُونِي وَلُومُوا أَنْفُسَكُمْ ۖ مَا أَنَا بِمُصْرِخِكُمْ وَمَا أَنْتُمْ بِمُصْرِخِيَّ ۖ إِنِّي كَفَرْتُ بِمَا أَشْرَكْتُمُونِ مِنْ قَبْلُ ۗ إِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
তাফছীৰ
যেতিয়া জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া ইবলিছে ক'বঃ নিশ্চয় আল্লাহে তোমালোকক সত্য প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ সেয়া পুৰণ কৰিলে। আনহাতে মই তোমালোকক অসত্য প্ৰতিশ্ৰুতি দিছিলো, আৰু সেই বচন মই পূৰণ নকৰিলো। পৃথিৱীত তোমালোকক কুফৰী কৰিবলৈ আৰু পথভ্ৰষ্ট হ'বলৈ বাধ্য কৰিব পৰা মোৰ সিমান শক্তি নাছিল। মই কেৱল তোমালোকক কুফুৰীৰ পিনে আহ্বান কৰিছিলো, আৰু তোমালোকৰ পাপ কৰ্মবোৰক সৌন্দৰ্যময় কৰি উপস্থাপন কৰিছিলো, ফলত তোমালোক দ্ৰুত গতিত মোৰ অনুসৰণ কৰিছিলা। এতেকে তোমালোকে নিজৰ বিভ্ৰান্তিৰ বাবে মোক নিন্দা নকৰিবা, বৰং এতিয়া নিজকে ভৰ্ৎসনা কৰা। কাৰণ তোমালোক নিজেই ভৰ্ৎসনাৰ অধিক যোগ্য। এতিয়া ময়ো তোমালোকক শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিম আৰু তোমালোকেও মোৰ পৰা শাস্তি দূৰীভূত কৰিব নোৱাৰিবা। তোমালোকে আল্লাহৰ ইবাদতত মোক যে অংশী কৰিছিলা সেই কথা মই নিশ্চিতভাৱে অস্বীকাৰ কৰিছো। নিশ্চয় পৃথিৱীত আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি আৰু তেওঁৰ লগত কুফুৰী কৰি যিসকলে অন্যায় কৰিছে সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা আছে কষ্টদায়ক শাস্তি, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক