ছূৰা 14 · জুজ 13
Ibrahim · 14:50
سَرَابِيلُهُمْ مِنْ قَطِرَانٍ وَتَغْشَىٰ وُجُوهَهُمُ النَّارُ
সিহঁতৰ পোছাক হ’ব আলকাতৰাৰ আৰু জুয়ে সিহঁতৰ মুখমণ্ডল আচ্ছন্ন কৰি ৰাখিব;
তাফছীৰ
হে ৰাছুল! যিদিনা এই পৃথিৱীক বেলেগ পৃথিৱীলৈ ৰূপান্তৰিত কৰা হ'ব, আৰু আকাশসমূহকো পৰিবৰ্তন কৰা হ'ব, সেইদিনা আপুনি কাফিৰ আৰু মুশ্বৰিকসকলক দেখিব যে, সিহঁতক একেলগে শিকলিৰে বান্ধি থোৱা হৈছে। সিহঁতৰ হাত-ভৰি ডিঙিৰ সৈতে বান্ধি থোৱা হ'ব। সিহঁতৰ কাপোৰ হ'ব (অতি উষ্ণতাশীল ধাতুৰে নিৰ্মিত) আলকাতৰাৰ। লগতে সিহঁতৰ কুৎসিত মুখমণ্ডল জুইত পুৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক