ছূৰা 14 · জুজ 13

Ibrahim · 14:37

رَبَّنَا إِنِّي أَسْكَنْتُ مِنْ ذُرِّيَّتِي بِوَادٍ غَيْرِ ذِي زَرْعٍ عِنْدَ بَيْتِكَ الْمُحَرَّمِ رَبَّنَا لِيُقِيمُوا الصَّلَاةَ فَاجْعَلْ أَفْئِدَةً مِنَ النَّاسِ تَهْوِي إِلَيْهِمْ وَارْزُقْهُمْ مِنَ الثَّمَرَاتِ لَعَلَّهُمْ يَشْكُرُونَ

‘হে আমাৰ ৰব! নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত, তোমাৰ পৱিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালো। হে আমাৰ ৰব! এই কাৰণে যে, তেওঁলোকে যেন ছালাত কায়েম কৰে। এতেকে তুমি কিছুমান লোকৰ অন্তৰ তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া আৰু ফলমূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে’।

তাফছীৰ

হে আমাৰ প্ৰতিপালক! মই মোৰ বংশৰ কিছুমানক অৰ্থাৎ ইছমাঈল আৰু তেওঁৰ বংশধৰক তোমাৰ সন্মানিত ঘৰৰ ওচৰত এনেকুৱা ঠাইত বসবাস কৰিবলৈ এৰি থৈ আহিলো, যত খেতি-বাতি নহয় আৰু পানীও নাই। হে আমাৰ প্ৰতিপালক! আমি তেওঁলোকক সেই সন্মানিত ঘৰৰ ওচৰত এই কৰাণে বসতি কৰিবলৈ থৈ আহিছো যাতে তেওঁলোকে ছালাত প্ৰতিষ্ঠা কৰে। এতেকে হে মোৰ প্ৰতিপালক! মানুহৰ অন্তৰক এওঁলোকৰ পিনে আৰু এই নগৰৰ পিনে আকৰ্ষিত কৰি দিয়া, লগতে তেওঁলোকক খোৱাৰ বাবে বিভিন্ন ফলমূল প্ৰদান কৰা যাতে তেওঁলোকে তোমাৰ উপকাৰৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক