ছূৰা 14 · জুজ 13
Ibrahim · 14:36
رَبِّ إِنَّهُنَّ أَضْلَلْنَ كَثِيرًا مِنَ النَّاسِ ۖ فَمَنْ تَبِعَنِي فَإِنَّهُ مِنِّي ۖ وَمَنْ عَصَانِي فَإِنَّكَ غَفُورٌ رَحِيمٌ
‘হে মোৰ ৰব! এইবোৰ মূৰ্তিয়ে বহু মানুহক বিভ্ৰান্ত কৰিছে। এতেকে যিয়ে মোৰ অনুসৰণ কৰিব তেওঁ মোৰ দলভুক্ত, আৰু যিয়ে মোৰ অবাধ্য হ’ব তেন্তে তুমিতো ক্ষমাশীল, পৰম দয়ালু’।
তাফছীৰ
হে মোৰ প্ৰতিপালক! নিশ্চয় এই মূৰ্তিবোৰে বহুতো মানুহক বিভ্ৰান্ত কৰি ৰাখিছে। সেই কাৰণে সিহঁতে ভাৱিছে যে, এইবোৰে সিহঁতক ছুপাৰিছ কৰিব, সেইকাৰণে সিহঁতে এই ফিতনাত লিপ্ত হৈছে। আল্লাহক এৰি এইবোৰৰ উপাসনা কৰি আছে। এতেকে যিসকল লোকে আল্লাহৰ একত্ব স্বীকাৰ কৰি আৰু তেওঁৰ আদেশ পালন কৰি মোৰ অনুসৰণ কৰিব, তেওঁলোকেই হ'ব মোৰ সহযোগী আৰু মোৰ অনুসৰণকাৰী। আনহাতে যিসকলে আল্লাহৰ একত্ব আৰু তেওঁৰ আনুগত্যৰ ক্ষেত্ৰত মোৰ আদেশৰ বিপৰীতে মোক অৱজ্ঞা কৰিব, হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি ক্ষমাশীল, তুমি যাক ইচ্ছা কৰা ক্ষমা কৰি দিয়া, আৰু সিহঁতৰ প্ৰতি কৃপাশীল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক