ছূৰা 14 · জুজ 13

Ibrahim · 14:35

وَإِذْ قَالَ إِبْرَاهِيمُ رَبِّ اجْعَلْ هَٰذَا الْبَلَدَ آمِنًا وَاجْنُبْنِي وَبَنِيَّ أَنْ نَعْبُدَ الْأَصْنَامَ

আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে কৈছিল, ‘হে মোৰ ৰব! এই চহৰক নিৰাপদ কৰি দিয়া, মোক আৰু মোৰ পুত্ৰসকলক মূৰ্তি পূজাৰ পৰা দূৰৈত ৰখা’।

তাফছীৰ

হে ৰাছুল! স্মৰণ কৰক, যেতিয়া ইব্ৰাহীমে তেওঁৰ পুত্ৰ ইছমাঈল আৰু তাৰ মা হাজিৰক মক্কাৰ উপত্যকাত এৰি থৈ দুআ কৰিলেঃ হে মোৰ প্ৰতিপালক! এই নগৰখনক তুমি শান্তিৰ নগৰ বনাই দিয়া, যত মই মোৰ পৰিয়াল এৰি থৈ গলো। ইয়াত যাতে কাৰো ওপৰত অন্যায় কৰা নহয় আৰু তেজ প্ৰবাহিতও নহয়। লগতে মোক আৰু মোৰ সন্তানসকলক মূৰ্তি পূজাৰ পৰা দূৰত ৰাখিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক