Al-Jinn

سورة الجن

ছূৰা 72 · মক্কী · 28 আয়াত

72:1জুজ 29 · পৃ. 572

قُلْ أُوحِيَ إِلَيَّ أَنَّهُ اسْتَمَعَ نَفَرٌ مِنَ الْجِنِّ فَقَالُوا إِنَّا سَمِعْنَا قُرْآنًا عَجَبًا1

কোৱা, মোৰ প্ৰতি অহী নাযিল হৈছে যে, নিশ্চয় জিনসকলৰ এটা দলে মনোযোগ সহকাৰে শুনিছে; তাৰ পিছত কৈছে, ‘নিশ্চয় আমি এক বিস্ময়কৰ কোৰআন শুনিছো,
72:2জুজ 29 · পৃ. 572

يَهْدِي إِلَى الرُّشْدِ فَآمَنَّا بِهِ ۖ وَلَنْ نُشْرِكَ بِرَبِّنَا أَحَدًا2

‘যিটো সত্যৰ পথ দেখুৱায় সেয়ে আমি তাৰ ওপৰত ঈমান আনিছো। গতিকে আমি কেতিয়াও আমাৰ প্ৰতিপালকৰ লগত আন কাকো অংশী বুলি গণ্য নকৰিম,
72:3জুজ 29 · পৃ. 572

وَأَنَّهُ تَعَالَىٰ جَدُّ رَبِّنَا مَا اتَّخَذَ صَاحِبَةً وَلَا وَلَدًا3

‘আৰু নিশ্চয় আমাৰ প্ৰতিপালকৰ মৰ্যাদা সুউচ্চ’ তেওঁ কোনো সঙ্গিনী আৰু কোনো সন্তানো গ্ৰহণ কৰা নাই।
72:4জুজ 29 · পৃ. 572

وَأَنَّهُ كَانَ يَقُولُ سَفِيهُنَا عَلَى اللَّهِ شَطَطًا4

‘আৰু আমাৰ মাজৰ নিৰ্বোধসকলে আল্লাহৰ বিষয়ে অবাস্তৱ কথা-বতৰা কৈছিল’।
72:5জুজ 29 · পৃ. 572

وَأَنَّا ظَنَنَّا أَنْ لَنْ تَقُولَ الْإِنْسُ وَالْجِنُّ عَلَى اللَّهِ كَذِبًا5

‘অথচ আমি ধাৰণা কৰিছিলো যে, মানুহ আৰু জিন জাতিয়ে কেতিয়াও আল্লাহ সম্পৰ্কে মিছা আৰোপ নকৰিব।
72:6জুজ 29 · পৃ. 572

وَأَنَّهُ كَانَ رِجَالٌ مِنَ الْإِنْسِ يَعُوذُونَ بِرِجَالٍ مِنَ الْجِنِّ فَزَادُوهُمْ رَهَقًا6

‘আৰু নিশ্চয় কিছুমান মানুহে কিছুমান জিনৰ আশ্ৰয় লৈছিল, ফলত সিহঁতে জিনসকলৰ অহংকাৰ বৃদ্ধি কৰিছিল’।
72:7জুজ 29 · পৃ. 572

وَأَنَّهُمْ ظَنُّوا كَمَا ظَنَنْتُمْ أَنْ لَنْ يَبْعَثَ اللَّهُ أَحَدًا7

‘আৰু নিশ্চয় সিহঁতেও ধাৰণা কৰিছিল যেনেকৈ তোমালোকে ধাৰণা কৰিছা যে, আল্লাহে কাকো কেতিয়াও পুনৰুত্থিত নকৰিব’।
72:8জুজ 29 · পৃ. 572

وَأَنَّا لَمَسْنَا السَّمَاءَ فَوَجَدْنَاهَا مُلِئَتْ حَرَسًا شَدِيدًا وَشُهُبًا8

‘আৰু নিশ্চয় আমি আকাশৰ তথ্য সংগ্ৰহ কৰিব বিচাৰিছিলো, কিন্তু আমি দেখিলো যে, আকাশখন কঠোৰ প্ৰহৰী আৰু উল্কাপিণ্ডৰ দ্বাৰা পৰিপূৰ্ণ;
72:9জুজ 29 · পৃ. 572

وَأَنَّا كُنَّا نَقْعُدُ مِنْهَا مَقَاعِدَ لِلسَّمْعِ ۖ فَمَنْ يَسْتَمِعِ الْآنَ يَجِدْ لَهُ شِهَابًا رَصَدًا9

‘আৰু আমি আগতে আকাশৰ বিভিন্ন ঘাঁটিত সংবাদ শুনাৰ বাবে বহিছিলো কিন্তু এতিয়া কোনোবাই সংবাদ শুনিবলৈ বিচাৰিলে সি তাৰ ওপৰত নিক্ষেপৰ বাবে প্ৰস্তুত জলন্ত উল্কাপিণ্ডৰ সন্মুখীন হয়।
72:10জুজ 29 · পৃ. 572

وَأَنَّا لَا نَدْرِي أَشَرٌّ أُرِيدَ بِمَنْ فِي الْأَرْضِ أَمْ أَرَادَ بِهِمْ رَبُّهُمْ رَشَدًا10

‘আৰু নিশ্চয় আমি নাজানো যে, পৃথিৱীবাসীৰ বাবে অমঙ্গল বিচৰা হৈছে, নে সিহঁতৰ প্ৰতিপালকে সিহঁতৰ মঙ্গল বিচাৰিছে।
72:11জুজ 29 · পৃ. 572

وَأَنَّا مِنَّا الصَّالِحُونَ وَمِنَّا دُونَ ذَٰلِكَ ۖ كُنَّا طَرَائِقَ قِدَدًا11

আৰু নিশ্চয় আমাৰ মাজৰ কিছুমান হৈছে সৎকৰ্মশীল আৰু কিছুমান ইয়াৰ ব্যতিক্ৰম, আমি আছিলো বিভিন্ন পথৰ অনুসাৰী;
72:12জুজ 29 · পৃ. 572

وَأَنَّا ظَنَنَّا أَنْ لَنْ نُعْجِزَ اللَّهَ فِي الْأَرْضِ وَلَنْ نُعْجِزَهُ هَرَبًا12

‘আৰু আমি বুজি পাইছো যে, আমি পৃথিৱীত কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিম আৰু পলায়ন কৰিও তেওঁক ব্যৰ্থ কৰিব নোৱাৰিম।
72:13জুজ 29 · পৃ. 572

وَأَنَّا لَمَّا سَمِعْنَا الْهُدَىٰ آمَنَّا بِهِ ۖ فَمَنْ يُؤْمِنْ بِرَبِّهِ فَلَا يَخَافُ بَخْسًا وَلَا رَهَقًا13

‘আৰু নিশ্চয় আমি যেতিয়া হিদায়তৰ বাণী শুনিলো, তেতিয়া তাৰ প্ৰতি ঈমান আনিলো। এতেকে যি ব্যক্তি তাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব, তাৰ কোনো ক্ষতি আৰু কোনো অন্যায়ৰ আশংকা নাথাকিব।
72:14জুজ 29 · পৃ. 573

وَأَنَّا مِنَّا الْمُسْلِمُونَ وَمِنَّا الْقَاسِطُونَ ۖ فَمَنْ أَسْلَمَ فَأُولَٰئِكَ تَحَرَّوْا رَشَدًا14

‘আৰু নিশ্চয় আমাৰ মাজত আছে কিছু সংখ্যক আত্মসমৰ্পনকাৰী আৰু কিছু সংখ্যক আছে সীমালংঘনকাৰী; এতেকে যিসকলে ইছলাম গ্ৰহণ কৰিছে সিহঁতেই সঠিক পথ বাছি লৈছে।
72:15জুজ 29 · পৃ. 573

وَأَمَّا الْقَاسِطُونَ فَكَانُوا لِجَهَنَّمَ حَطَبًا15

‘আৰু যিসকল সীমালংঘনকাৰী, সিহঁতেই হৈছে জাহান্নামৰ ইন্ধন’।
72:16জুজ 29 · পৃ. 573

وَأَنْ لَوِ اسْتَقَامُوا عَلَى الطَّرِيقَةِ لَأَسْقَيْنَاهُمْ مَاءً غَدَقًا16

আৰু যদি সিহঁতে সঠিক পথত অবিচল থাকিলেহেঁতেন, তেনেহ’লে আমি নিশ্চয় সিহঁতক প্ৰচুৰ পৰিমাণে পানী পান কৰালোহেঁতেন,
72:17জুজ 29 · পৃ. 573

لِنَفْتِنَهُمْ فِيهِ ۚ وَمَنْ يُعْرِضْ عَنْ ذِكْرِ رَبِّهِ يَسْلُكْهُ عَذَابًا صَعَدًا17

যাতে আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰো; আৰু যিয়ে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়, তাক তেওঁ কঠিন শাস্তিত প্ৰৱেশ কৰাব।
72:18জুজ 29 · পৃ. 573

وَأَنَّ الْمَسَاجِدَ لِلَّهِ فَلَا تَدْعُوا مَعَ اللَّهِ أَحَدًا18

আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই, গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।
72:19জুজ 29 · পৃ. 573

وَأَنَّهُ لَمَّا قَامَ عَبْدُ اللَّهِ يَدْعُوهُ كَادُوا يَكُونُونَ عَلَيْهِ لِبَدًا19

আৰু নিশ্চয় যেতিয়া আল্লাহৰ বান্দাই তেওঁক প্ৰাৰ্থনা কৰিবলৈ থিয় দিলে, তেতিয়া সিহঁতে তেওঁৰ ওচৰত আহি ভিৰ কৰিলে।
72:20জুজ 29 · পৃ. 573

قُلْ إِنَّمَا أَدْعُو رَبِّي وَلَا أُشْرِكُ بِهِ أَحَدًا20

কোৱা, ‘মই কেৱল মোৰ প্ৰতিপালককেই আহ্বান কৰো আৰু তেওঁৰ লগত আন কাকো আংশী নকৰো’।
72:21জুজ 29 · পৃ. 573

قُلْ إِنِّي لَا أَمْلِكُ لَكُمْ ضَرًّا وَلَا رَشَدًا21

কোৱা, ‘নিশ্চয় মই তোমালোকৰ কোনো ক্ষতি আৰু কল্যাণৰ মালিক নহয়’।
72:22জুজ 29 · পৃ. 573

قُلْ إِنِّي لَنْ يُجِيرَنِي مِنَ اللَّهِ أَحَدٌ وَلَنْ أَجِدَ مِنْ دُونِهِ مُلْتَحَدًا22

কোৱা, নিশ্চয় আল্লাহৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোৱাৰিব আৰু তেওঁৰ বাহিৰে মই কেতিয়াও কোনো আশ্ৰয় নাপাম।
72:23জুজ 29 · পৃ. 573

إِلَّا بَلَاغًا مِنَ اللَّهِ وَرِسَالَاتِهِ ۚ وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ فَإِنَّ لَهُ نَارَ جَهَنَّمَ خَالِدِينَ فِيهَا أَبَدًا23

‘কেৱল আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰিছালতৰ বাণী প্ৰচাৰ কৰাটোৱে মোৰ দায়িত্ব। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, তাত সিহঁতে চিৰকাল থাকিব’।
72:24জুজ 29 · পৃ. 573

حَتَّىٰ إِذَا رَأَوْا مَا يُوعَدُونَ فَسَيَعْلَمُونَ مَنْ أَضْعَفُ نَاصِرًا وَأَقَلُّ عَدَدًا24

অৱশেষত যেতিয়া সিহঁতে ইয়াক প্ৰত্যক্ষ কৰিব, যি বিষয়ে সিহঁতক সাৱধান কৰা হৈছিল। তেতিয়া সিহঁতে জানিবলৈ পাব যে, সহায়কাৰী হিচাপে কোন বেছি দুৰ্বল আৰু সংখ্যাত কোন আটাইতকৈ কম।
72:25জুজ 29 · পৃ. 573

قُلْ إِنْ أَدْرِي أَقَرِيبٌ مَا تُوعَدُونَ أَمْ يَجْعَلُ لَهُ رَبِّي أَمَدًا25

কোৱা, ‘মই নাজানো তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো নিকটৱৰ্তী নে মোৰ প্ৰতিপালকে ইয়াৰ বাবে কোনো দীৰ্ঘ ম্যাদ নিৰ্ধাৰণ কৰিব’।
72:26জুজ 29 · পৃ. 573

عَالِمُ الْغَيْبِ فَلَا يُظْهِرُ عَلَىٰ غَيْبِهِ أَحَدًا26

তেওঁ অদৃশ্য বিষয়ৰ জ্ঞানী, আৰু তেওঁ নিজৰ অদৃশ্যৰ জ্ঞান কাৰো ওচৰত প্ৰকাশ নকৰে,
72:27জুজ 29 · পৃ. 573

إِلَّا مَنِ ارْتَضَىٰ مِنْ رَسُولٍ فَإِنَّهُ يَسْلُكُ مِنْ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِ رَصَدًا27

কিন্তু তেওঁৰ মনোনীত ৰাছুলৰ বাহিৰে। তেনে ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাছুলৰ সন্মুখত আৰু পিছত প্ৰহৰী নিযুক্ত কৰে,
72:28জুজ 29 · পৃ. 573

لِيَعْلَمَ أَنْ قَدْ أَبْلَغُوا رِسَالَاتِ رَبِّهِمْ وَأَحَاطَ بِمَا لَدَيْهِمْ وَأَحْصَىٰ كُلَّ شَيْءٍ عَدَدًا28

যাতে তেওঁ প্ৰকাশ কৰে যে, নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিছালত পৌঁচাই দিছে। আৰু তেওঁলোকৰ ওচৰত যি আছে সেয়া তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তু গণনা কৰি হিচাপ কৰি ৰাখিছে।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক