ছূৰা 72 · জুজ 29
Al-Jinn · 72:13
وَأَنَّا لَمَّا سَمِعْنَا الْهُدَىٰ آمَنَّا بِهِ ۖ فَمَنْ يُؤْمِنْ بِرَبِّهِ فَلَا يَخَافُ بَخْسًا وَلَا رَهَقًا
‘আৰু নিশ্চয় আমি যেতিয়া হিদায়তৰ বাণী শুনিলো, তেতিয়া তাৰ প্ৰতি ঈমান আনিলো। এতেকে যি ব্যক্তি তাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব, তাৰ কোনো ক্ষতি আৰু কোনো অন্যায়ৰ আশংকা নাথাকিব।
তাফছীৰ
আৰু যেতিয়া আমি কোৰআন শুনিছো যিটো সঠিক পথৰ ফালে আহ্বান কৰে। যাৰ প্ৰতি আমি ঈমান আনিছো। গতিকে যিয়ে নিজৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব ফলত তেওঁৰ পুণ্যত কোনো হ্ৰাস নহব আৰু পাপ কামত কোনো বৃদ্ধি নহ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক