ছূৰা 72 · জুজ 29

Al-Jinn · 72:1

قُلْ أُوحِيَ إِلَيَّ أَنَّهُ اسْتَمَعَ نَفَرٌ مِنَ الْجِنِّ فَقَالُوا إِنَّا سَمِعْنَا قُرْآنًا عَجَبًا

কোৱা, মোৰ প্ৰতি অহী নাযিল হৈছে যে, নিশ্চয় জিনসকলৰ এটা দলে মনোযোগ সহকাৰে শুনিছে; তাৰ পিছত কৈছে, ‘নিশ্চয় আমি এক বিস্ময়কৰ কোৰআন শুনিছো,

তাফছীৰ

হে নবী, আপুনি আপোনাৰ উম্মতক কৈ দিয়কঃ মোৰ প্ৰতি অহী অৱতীৰ্ণ হৈছে যে, জিনসকলৰ এটা দলে নাখলা নামক ঠাইত মোৰ পৰা কোৰআন শুনিছে। ফলত সিহঁতে নিজৰ জাতিৰ ফালে ওভতি গৈ কৈছেঃ আমি এক এনেকুৱা পঠিত বাণী শুনিছো যিটো অতি বিস্ময়কৰ আৰু সুবোধগম্য।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক