ছূৰা 71 · জুজ 29
Nuh · 71:28
رَبِّ اغْفِرْ لِي وَلِوَالِدَيَّ وَلِمَنْ دَخَلَ بَيْتِيَ مُؤْمِنًا وَلِلْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ وَلَا تَزِدِ الظَّالِمِينَ إِلَّا تَبَارًا
হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পিতৃ-মাতৃক আৰু যিয়ে মুমিনহৈ মোৰ ঘৰত প্ৰৱেশ কৰিব লগতে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক ক্ষমা কৰি দিয়া; আৰু যালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।
তাফছীৰ
হে মোৰ প্ৰতিপালক, মোৰ পাপসমূহ ক্ষমা কৰি দিয়া আৰু মোৰ পিতৃ- মাতৃক ক্ষমা কৰি দিয়া। আৰু যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিব সেই ব্যক্তিকো ক্ষমা কৰি দিয়া। আৰু মুমিন পৰুষ- মহিলাকো ক্ষমা কৰি দিয়া। আনহাতে সেইসকল লোকৰ ধ্বংস ও ক্ষতি আৰু বৃদ্ধি কৰি দিয়া যিসকলে কুফুৰী আৰু পাপৰ জৰিয়তে নিজৰ ওপৰত অত্যাচাৰ কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক