ছূৰা 72 · জুজ 29
Al-Jinn · 72:23
إِلَّا بَلَاغًا مِنَ اللَّهِ وَرِسَالَاتِهِ ۚ وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ فَإِنَّ لَهُ نَارَ جَهَنَّمَ خَالِدِينَ فِيهَا أَبَدًا
‘কেৱল আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰিছালতৰ বাণী প্ৰচাৰ কৰাটোৱে মোৰ দায়িত্ব। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, তাত সিহঁতে চিৰকাল থাকিব’।
তাফছীৰ
মই কৰিব পৰা কামটো হৈছে তোমালোকৰ ওচৰত আল্লাহৰ আদেশ পৌঁছাই দিয়া। আৰু সেই ৰিছালত পৌঁছাই দিয়া যিটোৰ সৈতে মোক প্ৰেৰণ কৰা হৈছে। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অৱজ্ঞা তথা অবাধ্যতা কৰিব তাৰ পৰিণাম হৈছে জাহান্নামত প্ৰৱেশ। য'ত সি চিৰ দিন থাকিব লাগিব। তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক