ছূৰা 72 · জুজ 29
Al-Jinn · 72:18
وَأَنَّ الْمَسَاجِدَ لِلَّهِ فَلَا تَدْعُوا مَعَ اللَّهِ أَحَدًا
আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই, গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।
তাফছীৰ
আৰু মছজিদসমূহ কেৱল মহামহিম আল্লাহৰ বাবেই, তেওঁৰ বাহিৰে আন কাৰোবাৰ বাবে নহয়। গতিকে তাৰ ভিতৰত আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা। অন্যথা তোমালোকে ইহুদী আৰু খৃষ্টান বিলাকৰ দৰে হৈ যাবা। যিহঁতে নিজৰ উপাসনা স্থলত আল্লাহৰ বাহিৰে বেলেগৰো উপাসনা কৰি থাকে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক