ছূৰা 72 · জুজ 29
Al-Jinn · 72:17
لِنَفْتِنَهُمْ فِيهِ ۚ وَمَنْ يُعْرِضْ عَنْ ذِكْرِ رَبِّهِ يَسْلُكْهُ عَذَابًا صَعَدًا
যাতে আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰো; আৰু যিয়ে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়, তাক তেওঁ কঠিন শাস্তিত প্ৰৱেশ কৰাব।
তাফছীৰ
যাতে আমি সিহঁতক ইয়াৰ জৰিয়তে পৰীক্ষা কৰিব পাৰো যে, আল্লাহৰ অনুগ্ৰসমূহৰ কৃতজ্ঞতা পালন কৰে নে নাই? আৰু যিয়ে কোৰআন তথা তাৰ ভিতৰত থকা উপদেশ তথা আদেশ সমূহৰ পৰা মুখ ঘূৰাই লব, তাক তাৰ প্ৰতিপালকে কঠোৰ শাস্তিত নিক্ষেপ কৰিব, যিটো সি সহ্য কৰিব নোৱাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক