ছূৰা 72 · জুজ 29
Al-Jinn · 72:16
وَأَنْ لَوِ اسْتَقَامُوا عَلَى الطَّرِيقَةِ لَأَسْقَيْنَاهُمْ مَاءً غَدَقًا
আৰু যদি সিহঁতে সঠিক পথত অবিচল থাকিলেহেঁতেন, তেনেহ’লে আমি নিশ্চয় সিহঁতক প্ৰচুৰ পৰিমাণে পানী পান কৰালোহেঁতেন,
তাফছীৰ
যিদৰে তেওঁৰ ওচৰলৈ অহী প্ৰেৰণ কৰা হৈছে যে, জিনৰ এটা দলে কোৰআন শুনিছে, তেনেদৰে এয়াও অহী প্ৰেৰণ কৰা হৈছে যে, যদি জিন আৰু মানৱে ইছলামৰ পথ অৱলম্বন কৰিলেহেঁতেন আৰু তাৰ প্ৰতি আমল কৰিলেহেঁতেন তেন্তে আমি সিহঁতক প্ৰচুৰ পৰিমাণ পানী পান কৰালোহেঁতেন আৰু বিভিন্ন প্ৰকাৰৰ অনুগ্ৰহেৰে উপকৃত হোৱাৰ অৱকাশ দিলোহেঁতেন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক