ছূৰা 72 · জুজ 29
Al-Jinn · 72:8
وَأَنَّا لَمَسْنَا السَّمَاءَ فَوَجَدْنَاهَا مُلِئَتْ حَرَسًا شَدِيدًا وَشُهُبًا
‘আৰু নিশ্চয় আমি আকাশৰ তথ্য সংগ্ৰহ কৰিব বিচাৰিছিলো, কিন্তু আমি দেখিলো যে, আকাশখন কঠোৰ প্ৰহৰী আৰু উল্কাপিণ্ডৰ দ্বাৰা পৰিপূৰ্ণ;
তাফছীৰ
আৰু আমি আকাশৰ খবৰ লবলৈ প্ৰয়াস কৰিছিলো। কিন্তু আমি আকাশত ফিৰিস্তা সকলৰ মজবুত প্ৰহৰী নিৰ্ধাৰিত কৰা পালো। যিসকলে এই কাৰণে পহৰা দি আছে যে, যাতে কোনেও চুৰকৈ গোপনভাৱে কোনো কথা শ্ৰৱণ কৰিব নাপায়। যিটো আমি কৰি আছিলো। আৰু আকাশক উল্কাপিণ্ডৰে ভৰাই ৰাখিছে। সেইবোৰৰ দ্বাৰা আকাশৰ ওচৰলৈ যোৱা সকলৰ প্ৰতি নিক্ষেপ কৰা হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক