ছূৰা 72 · জুজ 29

Al-Jinn · 72:28

لِيَعْلَمَ أَنْ قَدْ أَبْلَغُوا رِسَالَاتِ رَبِّهِمْ وَأَحَاطَ بِمَا لَدَيْهِمْ وَأَحْصَىٰ كُلَّ شَيْءٍ عَدَدًا

যাতে তেওঁ প্ৰকাশ কৰে যে, নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিছালত পৌঁচাই দিছে। আৰু তেওঁলোকৰ ওচৰত যি আছে সেয়া তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তু গণনা কৰি হিচাপ কৰি ৰাখিছে।

তাফছীৰ

যাতে ৰাছুলে জানি লয় যে তেওঁৰ পূৰ্বে ৰাছুল সকলে নিজ প্ৰতিপালকৰ আদেশসমূহ পৌঁছাই দিছিল। যিবোৰ পৌঁছাবলৈ আল্লাহৰ তৰফৰ পৰা তেওঁলোকক আদেশ দিয়া হৈছিল। আৰু আল্লাহে ফিৰিস্তাসকলৰ আৰু ৰাছুলসকলৰ প্ৰত্যেক কথাই নিজ জ্ঞানেৰে পৰিবেষ্টন কৰি ৰাখিছে। তেওঁলোকৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। আৰু তেওঁ সকলো বস্তু গণনা কৰি ৰাখিছে। এতেকে কোনো বস্তু তেওঁৰ পৰা গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক