Qaf

سورة ق

ছূৰা 50 · মক্কী · 45 আয়াত

50:1জুজ 26 · পৃ. 518

ق ۚ وَالْقُرْآنِ الْمَجِيدِ1

ক্বা-ফ, শপত সন্মানিত কোৰআনৰ!
50:2জুজ 26 · পৃ. 518

بَلْ عَجِبُوا أَنْ جَاءَهُمْ مُنْذِرٌ مِنْهُمْ فَقَالَ الْكَافِرُونَ هَٰذَا شَيْءٌ عَجِيبٌ2

বৰং সিহঁতে বিস্মিত হৈছে যে, সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী সিহঁতৰ ওচৰত আহিছে; আৰু কাফিৰসকলে কয়, ‘এওঁ দেখুন এটা বিস্ময়কৰ বস্তু!’
50:3জুজ 26 · পৃ. 518

أَإِذَا مِتْنَا وَكُنَّا تُرَابًا ۖ ذَٰلِكَ رَجْعٌ بَعِيدٌ3

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হম তথাপিও (আমি পুনৰুত্থিত হমনে?), এই প্ৰত্যাৱৰ্তন সুদূৰপৰাহত!’
50:4জুজ 26 · পৃ. 518

قَدْ عَلِمْنَا مَا تَنْقُصُ الْأَرْضُ مِنْهُمْ ۖ وَعِنْدَنَا كِتَابٌ حَفِيظٌ4

অৱশ্যে আমি জানো মাটিয়ে সিহঁতক কিমান ক্ষয় কৰে আৰু আমাৰ ওচৰত আছে সম্যক সংৰক্ষণকাৰী কিতাব।
50:5জুজ 26 · পৃ. 518

بَلْ كَذَّبُوا بِالْحَقِّ لَمَّا جَاءَهُمْ فَهُمْ فِي أَمْرٍ مَرِيجٍ5

প্ৰকৃততে সিহঁতৰ ওচৰত সত্য অহাৰ পিছত সিহঁতে সেয়া অস্বীকাৰ কৰিছে। এতেকে সিহঁত সংশয়যুক্ত বিষয়ত নিপতিত।
50:6জুজ 26 · পৃ. 518

أَفَلَمْ يَنْظُرُوا إِلَى السَّمَاءِ فَوْقَهُمْ كَيْفَ بَنَيْنَاهَا وَزَيَّنَّاهَا وَمَا لَهَا مِنْ فُرُوجٍ6

সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰে নেকি, কেনেকৈ আমি সেয়া নিৰ্মাণ কৰিছো আৰু ইয়াক সুশোভিত কৰিছো আৰু তাত কোনো ধৰণৰ ফাটও মেলা নাই?
50:7জুজ 26 · পৃ. 518

وَالْأَرْضَ مَدَدْنَاهَا وَأَلْقَيْنَا فِيهَا رَوَاسِيَ وَأَنْبَتْنَا فِيهَا مِنْ كُلِّ زَوْجٍ بَهِيجٍ7

আৰু আমি পৃথিৱীক বিস্তৃত কৰিছো আৰু তাত স্থাপন কৰিছো পৰ্বতমালা। লগতে তাত উৎপন্ন কৰিছো নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰৰ উদ্ভিদ,
50:8জুজ 26 · পৃ. 518

تَبْصِرَةً وَذِكْرَىٰ لِكُلِّ عَبْدٍ مُنِيبٍ8

আল্লাহৰ অনুৰাগী প্ৰত্যেক বান্দাৰ বাবে জ্ঞান আৰু উপদেশস্বৰূপ।
50:9জুজ 26 · পৃ. 518

وَنَزَّلْنَا مِنَ السَّمَاءِ مَاءً مُبَارَكًا فَأَنْبَتْنَا بِهِ جَنَّاتٍ وَحَبَّ الْحَصِيدِ9

আৰু আকাশৰ পৰা বৰ্ষণ কৰো আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰো বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা।
50:10জুজ 26 · পৃ. 518

وَالنَّخْلَ بَاسِقَاتٍ لَهَا طَلْعٌ نَضِيدٌ10

আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা,
50:11জুজ 26 · পৃ. 518

رِزْقًا لِلْعِبَادِ ۖ وَأَحْيَيْنَا بِهِ بَلْدَةً مَيْتًا ۚ كَذَٰلِكَ الْخُرُوجُ11

বান্দাসকলৰ জীৱিকাস্বৰূপ। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰো মৃত চহৰক; এইদৰেই উত্থান ঘটিব।
50:12জুজ 26 · পৃ. 518

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَأَصْحَابُ الرَّسِّ وَثَمُودُ12

সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও,
50:13জুজ 26 · পৃ. 518

وَعَادٌ وَفِرْعَوْنُ وَإِخْوَانُ لُوطٍ13

আদ, ফিৰআউন আৰু লূত সম্প্ৰদায়েও।
50:14জুজ 26 · পৃ. 518

وَأَصْحَابُ الْأَيْكَةِ وَقَوْمُ تُبَّعٍ ۚ كُلٌّ كَذَّبَ الرُّسُلَ فَحَقَّ وَعِيدِ14

লগতে আইকাৰ অধিবাসী আৰু তুব্বা সম্প্ৰদায়ে, সিহঁত সকলোৱে অস্বীকাৰ কৰিছিল ৰাছুলসকলক। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল।
50:15জুজ 26 · পৃ. 518

أَفَعَيِينَا بِالْخَلْقِ الْأَوَّلِ ۚ بَلْ هُمْ فِي لَبْسٍ مِنْ خَلْقٍ جَدِيدٍ15

আমি প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈছো নেকি! বৰং নতুন সৃষ্টিৰ বিষয়ে সিহঁত সন্দেহত পতিত।
50:16জুজ 26 · পৃ. 519

وَلَقَدْ خَلَقْنَا الْإِنْسَانَ وَنَعْلَمُ مَا تُوَسْوِسُ بِهِ نَفْسُهُ ۖ وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنْ حَبْلِ الْوَرِيدِ16

অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু আমি তাৰ ঘাৰৰ ধমনীতকৈয়ো অধিক ওচৰত।
50:17জুজ 26 · পৃ. 519

إِذْ يَتَلَقَّى الْمُتَلَقِّيَانِ عَنِ الْيَمِينِ وَعَنِ الشِّمَالِ قَعِيدٌ17

যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে (তাৰ আমল) লিপিবদ্ধ কৰিবলৈ গ্ৰহণ কৰে।
50:18জুজ 26 · পৃ. 519

مَا يَلْفِظُ مِنْ قَوْلٍ إِلَّا لَدَيْهِ رَقِيبٌ عَتِيدٌ18

সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত আছে সংৰক্ষণকাৰী।
50:19জুজ 26 · পৃ. 519

وَجَاءَتْ سَكْرَةُ الْمَوْتِ بِالْحَقِّ ۖ ذَٰلِكَ مَا كُنْتَ مِنْهُ تَحِيدُ19

আৰু সঁচাকৈয়ে মৃত্যু যন্ত্ৰণা যথাযথ ভাৱে আহি পালে। এইটোৱেই সেইটো, যিটোৰ পৰা তুমি পলায়ন কৰিব বিচাৰিছিলা।
50:20জুজ 26 · পৃ. 519

وَنُفِخَ فِي الصُّورِ ۚ ذَٰلِكَ يَوْمُ الْوَعِيدِ20

আৰু শিঙাত ফুঁ দিয়া হ’ব। এইটোৱে হৈছে প্ৰতিশ্ৰুত দিন।
50:21জুজ 26 · পৃ. 519

وَجَاءَتْ كُلُّ نَفْسٍ مَعَهَا سَائِقٌ وَشَهِيدٌ21

আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী।
50:22জুজ 26 · পৃ. 519

لَقَدْ كُنْتَ فِي غَفْلَةٍ مِنْ هَٰذَا فَكَشَفْنَا عَنْكَ غِطَاءَكَ فَبَصَرُكَ الْيَوْمَ حَدِيدٌ22

অৱশ্যে এই দিন সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছো। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।
50:23জুজ 26 · পৃ. 519

وَقَالَ قَرِينُهُ هَٰذَا مَا لَدَيَّ عَتِيدٌ23

আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত।
50:24জুজ 26 · পৃ. 519

أَلْقِيَا فِي جَهَنَّمَ كُلَّ كَفَّارٍ عَنِيدٍ24

আদেশ কৰা হ’ব, তোমালোক উভয়ে জাহান্নামত নিক্ষেপ কৰা প্ৰত্যেক উদ্ধত কাফিৰক,
50:25জুজ 26 · পৃ. 519

مَنَّاعٍ لِلْخَيْرِ مُعْتَدٍ مُرِيبٍ25

কল্যাণকৰ কামত প্ৰবল বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী আৰু সন্দেহ পোষণকাৰী।
50:26জুজ 26 · পৃ. 519

الَّذِي جَعَلَ مَعَ اللَّهِ إِلَٰهًا آخَرَ فَأَلْقِيَاهُ فِي الْعَذَابِ الشَّدِيدِ26

যিয়ে আল্লাহৰ লগত আনক ইলাহৰূপে গ্ৰহণ কৰিছিল, তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা।
50:27জুজ 26 · পৃ. 519

۞ قَالَ قَرِينُهُ رَبَّنَا مَا أَطْغَيْتُهُ وَلَٰكِنْ كَانَ فِي ضَلَالٍ بَعِيدٍ27

তাৰ সঙ্গী চয়তানে ক’ব, ‘হে আমাৰ ৰব! মই তাক বিদ্ৰোহী কৰি তোলা নাছিলো। বৰং সি নিজেই আছিল ঘোৰ বিভ্ৰান্ত’।
50:28জুজ 26 · পৃ. 519

قَالَ لَا تَخْتَصِمُوا لَدَيَّ وَقَدْ قَدَّمْتُ إِلَيْكُمْ بِالْوَعِيدِ28

আল্লাহে ক’ব, ‘তোমালোকে মোৰ সন্মুখত বাক-বিতণ্ডা নকৰিবা, মই তোমালোকক আগতেই সতৰ্ক কৰিছিলো।
50:29জুজ 26 · পৃ. 519

مَا يُبَدَّلُ الْقَوْلُ لَدَيَّ وَمَا أَنَا بِظَلَّامٍ لِلْعَبِيدِ29

মোৰ ওচৰত কথা পৰিবৰ্তন নহয় আৰু মই বান্দাসকলৰ প্ৰতি অন্যায়কাৰীও নহয়।
50:30জুজ 26 · পৃ. 519

يَوْمَ نَقُولُ لِجَهَنَّمَ هَلِ امْتَلَأْتِ وَتَقُولُ هَلْ مِنْ مَزِيدٍ30

সেইদিনা আমি জাহান্নামক সুধিম, ‘তুমি পৰিপূৰ্ণ হৈছানে’? জাহান্নামে ক’ব, ‘আৰু কিবা আছেনে’?
50:31জুজ 26 · পৃ. 519

وَأُزْلِفَتِ الْجَنَّةُ لِلْمُتَّقِينَ غَيْرَ بَعِيدٍ31

আৰু জান্নাতক মুত্তাক্বীসকলৰ নিকটৱৰ্তী কৰা হ’ব, কোনো দূৰত্ব নাথাকিব।
50:32জুজ 26 · পৃ. 519

هَٰذَا مَا تُوعَدُونَ لِكُلِّ أَوَّابٍ حَفِيظٍ32

ইয়াৰে প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। প্ৰত্যেকজন আল্লাহ অভিমুখী, সংৰক্ষণশীলসকলৰ বাবে,
50:33জুজ 26 · পৃ. 519

مَنْ خَشِيَ الرَّحْمَٰنَ بِالْغَيْبِ وَجَاءَ بِقَلْبٍ مُنِيبٍ33

যিসকলে নেদেখাকৈ ৰহমানক ভয় কৰিছিল আৰু বিনীত চিত্তে উপস্থিত হৈছে।
50:34জুজ 26 · পৃ. 519

ادْخُلُوهَا بِسَلَامٍ ۖ ذَٰلِكَ يَوْمُ الْخُلُودِ34

তেওঁলোকক কোৱা হ’ব, ‘শান্তিৰ সৈতে তোমালোকে তাত প্ৰৱেশ কৰা; এইটোৱে অনন্ত জীৱনৰ দিন’।
50:35জুজ 26 · পৃ. 519

لَهُمْ مَا يَشَاءُونَ فِيهَا وَلَدَيْنَا مَزِيدٌ35

তাত তেওঁলোকে যিটো কামনা কৰিব সেইটোৱে পাব, লগতে আমাৰ ওচৰত আছে আৰু অধিক।
50:36জুজ 26 · পৃ. 520

وَكَمْ أَهْلَكْنَا قَبْلَهُمْ مِنْ قَرْنٍ هُمْ أَشَدُّ مِنْهُمْ بَطْشًا فَنَقَّبُوا فِي الْبِلَادِ هَلْ مِنْ مَحِيصٍ36

আৰু আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছো, যিসকল শক্তি-সামৰ্থৰ ক্ষেত্ৰত আছিল ইহঁততকৈ অধিক প্ৰবল, সিহঁতে দেশ-বিদেশে ঘূৰি ফুৰিছিল; তথাপিও সিহঁতৰ কোনো পলায়নস্থল আছিলনে বাৰু?
50:37জুজ 26 · পৃ. 520

إِنَّ فِي ذَٰلِكَ لَذِكْرَىٰ لِمَنْ كَانَ لَهُ قَلْبٌ أَوْ أَلْقَى السَّمْعَ وَهُوَ شَهِيدٌ37

নিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে, যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে।
50:38জুজ 26 · পৃ. 520

وَلَقَدْ خَلَقْنَا السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا فِي سِتَّةِ أَيَّامٍ وَمَا مَسَّنَا مِنْ لُغُوبٍ38

আৰু অৱশ্যে আমি আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলো সৃষ্টি কৰিছো কেৱল ছয় দিনত; আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাই।
50:39জুজ 26 · পৃ. 520

فَاصْبِرْ عَلَىٰ مَا يَقُولُونَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ الشَّمْسِ وَقَبْلَ الْغُرُوبِ39

এতেকে সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত,
50:40জুজ 26 · পৃ. 520

وَمِنَ اللَّيْلِ فَسَبِّحْهُ وَأَدْبَارَ السُّجُودِ40

লগতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা ৰাতিৰ একাংশত আৰু ছালাতৰ পিছত।
50:41জুজ 26 · পৃ. 520

وَاسْتَمِعْ يَوْمَ يُنَادِ الْمُنَادِ مِنْ مَكَانٍ قَرِيبٍ41

মনোযোগ সহকাৰে শুনা, যিদিনা এজন ঘোষণাকাৰীয়ে নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব,
50:42জুজ 26 · পৃ. 520

يَوْمَ يَسْمَعُونَ الصَّيْحَةَ بِالْحَقِّ ۚ ذَٰلِكَ يَوْمُ الْخُرُوجِ42

সেইদিনা সিহঁতে সঁচাকৈয়ে শুনিবলৈ পাব বিকট চিঞঁৰ, সেই দিনটোৱেই পুনৰুত্থানৰ দিন।
50:43জুজ 26 · পৃ. 520

إِنَّا نَحْنُ نُحْيِي وَنُمِيتُ وَإِلَيْنَا الْمَصِيرُ43

নিশ্চয় আমিয়েই জীৱন দান কৰো আৰু আমিয়েই মৃত্যু ঘটাওঁ, আৰু আমাৰ ফালেই (সকলোৰে) প্ৰত্যাৱৰ্তন।
50:44জুজ 26 · পৃ. 520

يَوْمَ تَشَقَّقُ الْأَرْضُ عَنْهُمْ سِرَاعًا ۚ ذَٰلِكَ حَشْرٌ عَلَيْنَا يَسِيرٌ44

যিদিনা সিহঁতৰ পৰা পৃথিৱীখন বিদীৰ্ণ হ’ব, আৰু মানুহে খৰধৰকৈ লৰ মাৰিব, এইটোৱে এনেকুৱা এটা সমাবেশ যিটো আমাৰ বাবে অতি সহজ।
50:45জুজ 26 · পৃ. 520

نَحْنُ أَعْلَمُ بِمَا يَقُولُونَ ۖ وَمَا أَنْتَ عَلَيْهِمْ بِجَبَّارٍ ۖ فَذَكِّرْ بِالْقُرْآنِ مَنْ يَخَافُ وَعِيدِ45

সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয়; সেয়ে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক

Muhammad Abdulkarim - Qaf · Tlawati