ছূৰা 50 · জুজ 26

Qaf · 50:45

نَحْنُ أَعْلَمُ بِمَا يَقُولُونَ ۖ وَمَا أَنْتَ عَلَيْهِمْ بِجَبَّارٍ ۖ فَذَكِّرْ بِالْقُرْآنِ مَنْ يَخَافُ وَعِيدِ

সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয়; সেয়ে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।

তাফছীৰ

এই অস্বীকাৰকাৰীসকলে যি কথা কৈ আছে সেই বিষয়ে আমি ভালদৰেই জানো। হে ৰাছুল! আপুনি সিহঁতৰ ওপৰত বিষয়া হিচাপে নিযুক্তি লাভ কৰা নাই যে, সিহঁতক আপুনি ঈমান আনিবলৈ বাধ্য কৰিব। বৰং আপুনি হৈছে এজন বাৰ্তাবাহক, আপুনি কেৱল সেই বাৰ্তা পৌঁচাই দিয়ক যিটো পৌঁচাই দিবলৈ আল্লাহে আপোনাক নিৰ্দেশ কৰিছে। আপুনি কোৰআনৰ জৰিয়তে সেইসকল লোকক সতৰ্ক কৰক, যিসকলে সেই শাস্তিক ভয় কৰে যিটো কাফিৰ আৰু পাপিষ্ঠসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। কিয়নো ভয় পোষণ কৰা ব্যক্তিয়েই উপদেশ গ্ৰহণ কৰে, যেতিয়া তাক উপদেশ দিয়া হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক