ছূৰা 50 · জুজ 26

Qaf · 50:36

وَكَمْ أَهْلَكْنَا قَبْلَهُمْ مِنْ قَرْنٍ هُمْ أَشَدُّ مِنْهُمْ بَطْشًا فَنَقَّبُوا فِي الْبِلَادِ هَلْ مِنْ مَحِيصٍ

আৰু আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছো, যিসকল শক্তি-সামৰ্থৰ ক্ষেত্ৰত আছিল ইহঁততকৈ অধিক প্ৰবল, সিহঁতে দেশ-বিদেশে ঘূৰি ফুৰিছিল; তথাপিও সিহঁতৰ কোনো পলায়নস্থল আছিলনে বাৰু?

তাফছীৰ

মক্কাৰ এই অস্বীকাৰকাৰী মুশ্বৰিকসকলৰ পূৰ্বেও আমি বহুতো উম্মতক ধ্বংস কৰিছোঁ, যিসকল ইহঁততকৈও অধিক শক্তিশালী আছিল। ফলত সিহঁতে নগৰৰ বিভিন্ন প্ৰান্তত শাস্তিৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ক’তো ঠাই বিচাৰি পোৱা নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক