ছূৰা 50 · জুজ 26

Qaf · 50:6

أَفَلَمْ يَنْظُرُوا إِلَى السَّمَاءِ فَوْقَهُمْ كَيْفَ بَنَيْنَاهَا وَزَيَّنَّاهَا وَمَا لَهَا مِنْ فُرُوجٍ

সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰে নেকি, কেনেকৈ আমি সেয়া নিৰ্মাণ কৰিছো আৰু ইয়াক সুশোভিত কৰিছো আৰু তাত কোনো ধৰণৰ ফাটও মেলা নাই?

তাফছীৰ

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই লোকসকলে নিজৰ ওপৰত থকা আকাশখনৰ বিষয়ে চিন্তা-চৰ্চা নকৰে নেকি যে, আমি সেইখনক কেনেকৈ সৃষ্টি কৰিছোঁ আৰু তাত তৰাবোৰ ৰাখি কেনেকৈ সৌন্দৰ্যময় বনাইছোঁ, লগতে তাত কোনো ত্ৰুটিও নাই যে, এই বিষয়ে কিবা দোষ ধৰিব পাৰিবা?! গতিকে যি সত্ত্বাই এই আকাশখনক সৃষ্টি কৰিছে, তেওঁ কেতিয়াও মৃত লোকসকলক জীৱিত কৰিবলৈ অক্ষম নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক